বলীউডৰ অভিনেত্ৰী সাৰা আলি খানৰ প্ৰিয় অনুষ্ঠান আঁত ধৰোঁতা কোন জানেনে ?

বলীউডৰ অভিনেত্ৰী সাৰা আলি খানৰ প্ৰিয় অনুষ্ঠান আঁত ধৰোঁতা কোন জানেনে ?

বলীউডৰ নৱাগত অভিনেত্ৰী সাৰা আলি খানে শেহতীয়াকৈ মন্তব্য কৰিছে অনুষ্ঠান হোষ্ট কৰাৰ প্ৰসংগত ৷ সাৰা আলি খানৰ অনুসৰি অনুষ্ঠান আঁত ধৰাৰ ক্ষেত্ৰত শ্বাহৰুখ খান আৰু সাৰাৰ পিতৃ চেইফ আলি খান প্ৰিয় ৷ লগতে কয় যে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু চৈইফ আলি খানে অনুষ্ঠান আঁত ধৰাৰ সময়খিনিক সুঁৱৰি সাৰা আলী খান যথেষ্ট নষ্টালজিক হৈ পৰে ৷

অন্যহাতে বলীউডৰ অভিনেতা চেইফ আলী খান আৰু অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খানৰ আকৰ্ষনীয় ব্যক্তিত্বই সকলোকে মোহিত কৰে ৷ যিকোনো অনুষ্ঠানত সাৰা আকৰ্ষনীয় কথনভংগী,ব্যক্তিত্বই সততে চৰ্চা লাভ কৰে ।

ইফালে সাৰা আলী খান ব্যস্ত আছে লভ আজ কল টু ৰ দৃশ্য গ্ৰহণত ৷ সাৰা আলী খানৰ লগত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় অভিনেতা কাৰ্তিক আয়ানে ৷সম্প্ৰতি চৰ্চাৰ শীৰ্ষত লভ আজ কল টু প্ৰত্যেক দিনেই সাৰা আৰু কাৰ্তিকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলো খবৰ জনাই থাকে অনুৰাগীক।

কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা ছবিখনক লৈ উৎসুক চলচ্চিত্ৰ প্ৰেমীসকল ৷ কিন্তু সম্প্ৰতি লভ আজ কল ২ ছবিখনত সাৰা আলী খানৰ উপৰিও অন্য এগৰাকী নায়িকা থকাৰ তথ্য পোৱা গৈছে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ দিল্লীৰ সূছী শেষ হৈছে ৷

সেয়েহে এটি পাৰ্টিৰ আয়োজন কৰিছিল ছবিখনৰ কলা কুশলী সকলে ৷ এই পাৰ্টিত ইমতিয়াজ আলী আৰু কাৰ্তিক আয়ানে যথেষ্ঠ আনন্দ কৰা দেখা গৈছে ৷ ইমতিয়াজ আলীয়ে লভ আজ কল টুৰ চিকুৱেল নিৰ্মাণ কৰিছে ৷ ছবিখনত কাৰ্তিক আয়ানৰ আৰু সাৰা আলী খানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে ৷অৱশ্যে ছবিখনৰ নামৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্তলৈ অহা নাই ছবিখনৰ নিৰ্মাতাসকল ৷ কিন্তু ছবিখনৰ নাম লভ আজ কল ২ হ’ব বুলিয়ে জানিব পৰা গৈছে ৷

ছবিখনত সাৰা আলী খানৰ উপৰিও কাৰ্তিক আয়ানে দুগৰাকী হিৰোইনৰ লগত ৰোমাঞ্চ কৰিব বুলি খবৰ চৰ্চা লাভ কৰিছে ৷ ইফালে ছবিখনত অভিনয় কৰা বাকী হিৰোইন দুগৰাকী কোন সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷অন্যহাতে লভ আজ কল ২ মুক্তি পাব ২০২০ চনৰ “ভেলেন্টাইন ডে”ত ৷

ইফালে সাৰা আলী খানে বা কাৰ্তিক আয়ানে প্ৰায়ে লভ আজ কল ২ৰ দৃশ্য গ্ৰহণ সময়ৰ বিভিন্ন অনুৰাগীলৈ আগবঢ়াই ৷ অন্যহাতে কাৰ্তিক আয়ানৰ প্ৰতি সাৰা আলী খানৰ দুৰ্বলতাৰ কথাও চৰ্চিত হৈ আছে এই সময়ত ৷ কেদাৰনাথৰ জৰিয়তে বলীউডত পদাৰ্পন কৰা অভিনেত্ৰী সাৰা ৰনৱীৰ সিঙৰ লগত ৰোহিত চেট্টীৰ চিম্বাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনা কাপুৰ খানে সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com