বলীউডৰ কোন গৰাকী অভিনেতাই ছয় বছৰ ফিল্ডিং কৰাৰ পিছত লাভ কৰিলে প্ৰেমাস্পদক?

বলীউডৰ কোন গৰাকী অভিনেতাই ছয় বছৰ ফিল্ডিং কৰাৰ পিছত লাভ কৰিলে প্ৰেমাস্পদক?

বলীউডৰ এগৰাকী বিশেষ অভিনেতাৰ এটি বিশেষ মন্তব্য ৷মই গভীৰ ভাৱে দীপিকাক ভাল পাঁও ৷২০১২ চনৰ পৰা তেওঁৰ লগত প্ৰেমৰ সম্পৰ্কত আছো ৷তেতিয়াই মই জানিছিলো যে,তেওঁৰ লগতে মই বিবাহ পাশত আৱদ্ধ হ’ম ৷ লগতে মোৰ সন্তানৰ মা হ’ব এওঁৱেই ৷ এই মন্তব্য অভিনেতা তথা দীপিকা পাডুকনৰ স্বামী ৰনৱীৰ সিঙৰ ৷বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত এক সাক্ষাৎকাৰ অনুষ্ঠানত ৰণৱীৰ সিঙ হৈ পৰে নষ্টালজিক ৷ দীপিকা পাডুকন আৰু নিজৰ প্ৰেমৰ সম্পৰ্কক স্মৰণ কৰি অভিনেতা ৰণৱীৰৰ দুচকুত দেখিবলৈ পোৱা গ’ল প্ৰেমৰ জিলিকণি ৷দীপিকা পাডুকনৰ লজত ছয় বছৰীয়া প্ৰেমৰ সম্পৰ্কক স্মৰণ কৰি হৃদয়ত সাঁচি ৰখা বহু কথাই ব্যক্ত কৰিলে ৰনৱীৰে ৷ ৰোমান্টিক তথা ধেমেলীয়া ভাবেৰে ৰনৱীৰৰ মন্তব্য যে তোমাৰ দাদায়ে ছয় বছৰীয়া ফিল্ডিং কৰিলে ৷ইয়াৰ পিছতহে কেচ ধৰিছে ৷ কেচ এনেকৈ ধৰিলে যে,দীপিকা পাডুকনকেই পত্নী হিচাপে পালোঁ ৷

লগতে ৰনৱীৰৰ মন্তব্য মই দীপিকাক পাগলৰ দৰে ভাল পাঁও ৷ যেতিয়াই শুই উঠি দীপিকাক কাষত পাঁও তেতিয়া আনন্দ পাওঁ ৷ইফালে দীপিকাৰ লগত ছয় বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ সময়ত ৰনৱীৰে কয় যে দীপিকাই এই সম্পৰ্কটোক লৈ সময় ল’ব বিচাৰিল আৰু মই প্ৰতীক্ষা কৰি আছিলোঁ ৷অন্যহাতে ৰনৱীৰে সম্প্ৰতি গলী বয়ৰ সফলতাৰ পিছত কপিল দেৱৰ ৮৩ ছবিখনক লৈ ব্যস্ত আছে ৷কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৰনৱীৰ সিঙে৷

বিগত বৰ্ষত ১৪ আৰু ১৫ নবেম্বৰ বলীউডত নৱ বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিবাহ সম্পন্ন হৈ যায় ৷দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰেণ্ড পাৰ্টী হৈ গ’ল বিগত বৰ্ষৰ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত অনুষ্ঠিত হ’ল দীপিকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টী৷ বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত আছিল দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো অনুস্থিত হৈছিল ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত আছিল ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্য লোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷

সততে দীপিকা আৰু ৰনৱীৰৰ বিভিন্ন প্ৰসংগই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে অভিনেতা ৰনৱীৰ সিঙে পত্নী দীপিকা পাডুকনক এটা বিশেষ নামেৰে সম্বোধন কৰিছে ৷আৰু সেই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ভিডিঅ’টিত গলী বয়ৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনৱীৰ সিঙে এটা বিশেষ খেল খেলা প্ৰত্যক্ষ কৰা হৈছে ৷ য’ত ৰনৱীৰে দীপিকাৰ নামৰ লগত এটি কাৰ্ড লৈ থকা দেখা গৈছে ৷ আৰু আলিয়াই দীপিকা পাডুকনৰ নাম নোলোৱাকৈয়ে তাৰ অনুমান লগাব লাগে ৷

সেই সময়তে আলিয়াই দীপিকাৰ নাম নোলোৱাকৈয়ে কয় যে তেওঁ মোৰ বা হয় ৷ তেওঁৰ বৌ হয় ৷ আৰু তেওঁৰ চকুকেইটা সকলোতকৈ ধুনীয়া ৷ সেই সময়তে ৰনৱীৰে কয় এইয়াটো মোৰ গৰাকী ৷ অৱশ্যে যেতিয়া আলিয়াই দীপিকাৰ নাম ল’বলৈ ৰনৱীৰ সিঙক কয় তেতিয়া ৰনৱীৰে কয় যে শ্ৰীমতী ৰণৱীৰ সিং ৷আৰু দীপিকাৰ সম্পূৰ্ণ নাম ল’বলৈ কোৱাত ৰনৱীৰে কয় যে শ্ৰীমতী দীপিকা ৰণৱীৰ সিঙ ভৱানী পাডুকন ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com