বলীউডৰ ছবি স্ত্ৰীৰ সফলতাৰ পিছত আহি আছে স্ত্ৰী ২:উৎসুক চলচ্চিত্ৰ প্ৰেমী

বলীউডৰ ছবি স্ত্ৰীৰ সফলতাৰ পিছত আহি আছে স্ত্ৰী ২:উৎসুক চলচ্চিত্ৰ প্ৰেমী

বিগত সময়ত মুক্তি লাভ কৰা বলীউডৰ(Bollywood) ছবি স্ত্ৰী ছুপাৰহিট ৰূপে পৰিগনিত ৷ ছবিখনৰ সফলতাৰ পিছত ডাইৰেক্টৰ অমৰ কৌশিক আৰু পৰিচালক দিনেশ বিজনে এই স্ত্ৰী ২ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে ৷ ছবিখন অনাগত বৰ্ষত ছবিগৃহলৈ আহিব । এক বিশেষ তথ্য অনুসৰি ছবিখনৰ নিৰ্মাতা বৃন্দই স্ত্ৰীৰ ষ্টাৰ কাষ্ট পৰিৱৰ্তন নকৰাৰ সিদ্ধান্ত লৈছে। সম্প্ৰতি ছবিখনৰ কাহিনীক লৈ কাম কৰি আছে ৷

ছবি খন নিৰ্মাণ কৰিবলৈ সম্পত্তি সীমিত গতিত সকলো কাম সম্পন্ন কৰা হৈছে। ইফালে প্ৰথম স্ত্ৰী ছবিখনত ৰাজকুমাৰ ৰাও,শ্ৰদ্ধা কাপুৰৰ উপৰিও পংকজ ত্ৰিপাঠী আৰু অভিষেক বেনাৰ্জীয়ে অভিনয় কৰিছিল ৷ এই ছবিখনত সকলো ষ্টাৰ কাষ্টৰ কাম দৰ্শকসকলে আদৰি লৈছিল। প্ৰযোজক দিনেশ বিজনে কয় যে ছবিখনৰ ক্লাইমেক্স দৰ্শকসকলৰ কাৰণে জটিল আছিল ৷

ছবিখন এনে এটা অৱস্থাত শেষ হ’ল যে সকলো দৰ্শকৰ মনত এটাই প্ৰশ্ন আগলৈ কি হ’ব ৷গতিকে আমি আগতেই ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰিব পৰাকে স্ত্ৰী"ছবিক শেষ কৰিছিলো ৷স্ত্ৰী ২ ত আমি শ্ৰদ্ধা কাপুৰৰ চৰিত্ৰটোৰ ওপৰত অধিক মনোনিবেশ কৰিম ৷গতিকে সম্প্ৰতি দৰ্শকসকলৰ অপেক্ষা মাথো স্ত্ৰী ২ ৰ মুক্তিৰ সেই বিশেষ দিনটোলৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com