
বলীউডত যেতিয়া ১০০ কোটি টকা উপাৰ্জন কৰা ছবিৰ প্ৰসংগৰ কথা আহে তেতিয়া অধিকাংশই পুৰুষ নিৰ্দেশকৰ কথা মনলৈ আহে ৷ কিন্তু সম্প্ৰতি এই টেণ্ড পৰিৱৰ্তন হৈছে ৷ মহিলা নিৰ্দেশকসকলে নিৰ্মাণ কৰা ছবিয়ে সম্প্ৰতি ব্যৱসায়িকভাৱে সফল হৈছে ৷ জোয়া আখতাৰ,মেঘনা গুলজাৰ আদি মহিলা নিৰ্মাতাৰ ছবিসমূহে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ ইয়াৰ ভিতৰত ফাৰাহ খানৰ ছবিসমূহে বলীউডত ছুপাৰহিট হোৱা ছবিসমূহৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷ ফৰাহ খানৰ ছবি নিউ ইয়েৰে প্ৰায় ২৯৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
ইফালে গলী বয় লিখা ৰীমা কাগতীয়ে মন্তব্য কৰে যে সততে দেখা যায় ইণ্ডাষ্ট্ৰীত মহিলা সকলে কম চাৰ্পোট লাভ কৰে ৷ কিন্তু এই ধৰণৰ চিন্তা হলীউডটো দেখা যায় ৷ ইয়াৰ কাৰণ এইটোৱেই যে মহিলা সকলে কামৰ গতি ক্ষিপ্ৰ নহয় ৷ তেওঁলোকে কামসমূহ লাহে লাহে কৰে ৷ ট্ৰেড বিশ্লেষক অ’মেদ মেহেৰাৰ মন্তব্য যে সম্প্ৰতি সময় পৰিৱৰ্তন হৈছে ৷ সদ্যহতে ইণ্ডাষ্ট্ৰীত অভিনেত্ৰী অথবা মহিলা নিৰ্দেশক সকলক কোনো ধৰণৰ চাৰ্পোটৰ প্ৰয়োজন নাই ৷ তেওঁলোক প্ৰযোজক,পৰিচালক সকলৰ ওপৰতো নিৰ্ভৰশীল নহয় ৷ অনুষ্কা শৰ্মা আৰু প্ৰিয়াংকা চোপ্ৰাৰ দৰে অভিনেত্ৰীসকলৰ নিজৰ প্ৰডাকশ্যন হাউচ আছে ৷দীপিকা পাডুকনেও নিজৰ প্ৰডাকশ্যন হাউছৰ কাম আৰম্ভ কৰিছে ৷ মেঘনা গুলজাৰে দীপিকাৰ ছবি নিৰ্দেশন কৰিব ৷
সম্প্ৰতি বলীউডৰ বিগ ছুপাৰষ্টাৰ সকলে মহিলা নিৰ্দেশকৰ লগত কাম কৰি আছে ৷ জোয়া আখতাৰে গলী বয় আৰু দিল ধড়ক নে দো ছবিত ৰণৱীৰ সিঙৰ লগত কাম কৰিছে ৷ ঋত্বিক ৰোশ্যনে জোয়া আখতাৰৰ লগত লাক বায় চাঞ্চ আৰু জিন্দেগী না মিলেগী দোবাৰাত ইতিমধ্যে কাম কৰিছে ৷ ইয়াৰোপৰি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰেও জোয়া আখতাৰৰ ছবিত অভিনয় কৰিছে ৷ তিনিবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা অভিনেত্ৰী কংগনা ৰানাউটৰ ছবি মনিকৰ্ণিকাই বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ৷ বহু তৰ্ক বিতৰ্কৰ অনন্তত ছবিখনে ১০০ কোটি টকা উপাৰ্জনৰ সীমা অতিক্ৰম কৰিছিল ৷
ইফালে জোয়া আখতাৰৰ গলী বয়ে উপাৰ্জন কৰিলে ১০০ কোটি টকা ৷ আলিয়া ভাট্ট আৰু ৰনৱীৰ সিঙৰ অভিনীত গলী বয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ বিগত বৰ্ষত মুক্তি লাভ কৰা গুলজাৰৰ জীয়াৰী মেঘনা গুলজাৰৰ ছবি ৰাজীয়ে উপাৰ্জন কৰে ১৯৫ কোটি টকা। আলিয়া ভাট্ট আৰু বিক্কী কৌশলৰ অভিনীত ছবিখনক দৰ্শকে যথেষ্ট আকোঁৱালি লৈছিল ৷ ইফালে মেঘনা গুলজাৰৰ অন্যান্য ছবি সমূহৰ ভিতৰত ফিলহাল,তলৱাৰৰ দৰে ছবিসমূহে কিন্তু বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাছিল ৷
বলীউডৰ আন এগৰাকী নিৰ্দেশিকা গৌৰী চিন্দেৰ ছবিসমূহে বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । গৌৰী চিন্দেই বলীউডত ডিয়েৰ জিন্দেগী ছবিখনে প্ৰায় ১৩৯ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল৷প্ৰায় ২০কোটি বাজেটেৰে নিৰ্মিত ছবিখনক আদৰি লয় চলচ্চিত্ৰ প্ৰেমী সকলে ৷ গৌৰী চিন্দেৰ দ্বাৰা নিৰ্দেশিত আন এখন ছবি ইংলিশ ৱিংলিশ ছবিখনে বক্স অফিচত সফল হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন