বলীউডৰ ছবিলৈ পুনৰ কেটৰীনা কাইফ আৰু শ্বাহৰুখ খানঃ উৎসুক চলচ্চিত্ৰপ্ৰেমী

বলীউডৰ ছবিলৈ পুনৰ কেটৰীনা কাইফ আৰু শ্বাহৰুখ খানঃ উৎসুক চলচ্চিত্ৰপ্ৰেমী

বলীউডৰ ছবিত পুনৰ দেখিবলৈ পোৱা যাব বাদশ্বাহ শ্বাহৰুখ খান আৰু কেটৰীনা কাইফক ৷ বলীউডৰ চিৰসেউজ অভিনেতা তথা বিগ বি অমিতাভ বচ্চন আৰু হেমা মালিনীৰ অভিনীত চট্টে পে চট্টাৰ পুনৰ নিৰ্মাণত অভিনয় কৰিব শ্বাহৰুখ খান আৰু কেটৰীনা কাইফে ৷ চট্টে পে চট্টাৰ ৰিমেকৰ দায়িত্বত থাকিব ৰোহিত চেট্টী আৰু ফাৰাহ খান ৷ ইফালে এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি যদি কেটৰীনা কাইফে ছবিখনত অভিনয় কৰে,তেন্তে,হেমা মালিনীৰ কৰা চৰিত্ৰটোত অভিনয় কৰিব অভিনেত্ৰী কেটৰীনাই ৷অন্যহাতে সদ্যহতে কেটৰীনা ব্যস্ত আছে ছলমানৰ খানৰ ভাৰত ছবিৰ দৃশ্যগ্ৰহণত ৷

ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফো বয়োজেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ মনকৰিব লগীয়া যে সকলো মেক আপ আৰ্টিছৰ লগতে ষ্টাইলিষ্টে কেটৰীনাক সজাঁওতে প্ৰায় দুঘন্টা সময় লাগিছিল ৷ এক সাক্ষাৎকাৰত কেটৰীনাৰ ষ্টাইলিষ্ট বীৰা কাপুৰে কয় যে কেটৰীনা কাইফৰ এই ষ্টাইল অভিনেত্ৰী নুতনৰ পৰা পাইছিল ৷ ৬০ আৰু ৭০ দৰ্শকৰ বলীউডৰ অভিনেত্ৰী নুতন আছিল যথেষ্ট জনপ্ৰিয় ৷ বীৰা কাপুৰে কয় যে আমি যথেষ্ট পুৰণি হিন্দী ছবি প্ৰত্যক্ষ কৰিছো ৷

লগতে কেটেৰীনা কাইফেও কাৰ্লি হেয়াৰ যথেষ্ট পছন্দ কৰে । কাৰণ বিগত সময়ত কৰা কেটৰীনা কাইফৰ ছবিসমূহৰ লুকতকৈ এই লুক পৃথক ৷ লগতে ভাৰত ছবিত কেটেৰীনা কাইফৰ লুক পৰিৱৰ্তন হোৱাৰ প্ৰসংগত মন্তব্য কৰে যে,কেটেৰীনাক বয়জেষ্ঠ্য মহিলাৰ লুকত দেখাবলৈ এক বিশেষ ব্যৱস্থা কৰা হৈছিল ৷ এই লুকত কেটেৰীনাক উপস্থাপন কৰিবলৈ লাগিছিল প্ৰায় দুঘন্টা ৷

অন্যহাতে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে সম্প্ৰতি উৎসুক প্ৰকাশ কৰিছে ইনচে আল্লাহ ছবিত অভিনয় কৰাৰ কাৰণে ৷ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ইনচে আল্লাত অভিনয় কাৰণে উৎসাহী আলিয়া ভাট্ট ৷ ইনচে আল্লাহত আলিয়া ভাট্টৰ লগত অভিনয় কৰিব বলীউডৰ ভাইজান ছলমান খানে। উল্লেখ্য যে প্ৰথম বাৰৰ কাৰণে সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত অভিনয় কৰিব আলিয়া ভাট্টে ৷ল’ৰালি কালৰ এটি মুহুৰ্তক স্মৰণ কৰি আলিয়া ভাট্টে কয় যে মই সঞ্জয় লীলা ভাঞ্চালীৰ অফিচলৈ সৰুতে আহিছো ৷ আৰু মোৰ সপোন আছিল যে মই সঞ্জয় লীলা ভাঞ্চালীৰ লগত কাম কৰোঁ ৷আৰু মোৰ সপোন সম্প্ৰতি বাস্তৱত ৰূপায়িত হৈছে ৷ কাৰণ মই সঞ্জয় লীলা ভাঞ্চালী আৰু ছলমান খানৰ সৈতে অভিনয় কৰিবলৈ পাইছো।

অৱশ্যে শেহতীয়াকৈ কেটৰীনা আৰু শ্বাহৰুখ খানক দেখিবলৈ পোৱা গৈছিল জিৰ’ ছবিখনত। কিন্তু ছবিখনে বানিজ্যিক ভাৱে সফল ন’হল যদিও চলচ্চিত্ৰ প্ৰেমীয়ে আশাৰে বাট চাই আছে চট্টে পে চট্টা ছবিৰ পুনৰ নিৰ্মাণলৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com