বলীউডৰ প্ৰযোজক,পৰিচালক কৰণ জোহৰে আশ্বাস দিলে অন্য এজন পৰিচালককঃ কিন্তু কিয় ?

বলীউডৰ প্ৰযোজক,পৰিচালক কৰণ জোহৰে আশ্বাস দিলে অন্য এজন পৰিচালককঃ কিন্তু কিয় ?
Published on

বলীউডৰ সদ্যমুক্তি প্ৰাপ্ত ছবি কলংকৰ সম্পৰ্কত কৰণ জোহৰ আৰু অভিষেক বাৰ্মাৰ মাজত সকলো ঠিকেই আছে ৷ কাৰণ শেহতীয়া এক খবৰ অনুসৰি "কলংক"ছবিখনক দৰ্শকে আদৰি নোলোৱাৰ পিছত অভিষেক বৰ্মনক লৈ কৰন জোহৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ ইফালে কলংক ছবিখনৰ প্ৰতি দেখুওৱা দৰ্শকৰ সহাঁৰি সন্দৰ্ভত অভিষেক বৰ্মা চিন্তিত হৈ পৰিছিল।

কিন্তু এই ক্ষেত্ৰত কৰণ জোহৰে অভিষেক বৰ্মাক আশ্বাস প্ৰদান কৰে । লগতে অভিষেক বৰ্মাৰ ছবি ২ ষ্টেট ৰ দৰে ছবিসমূহৰ প্ৰসংগ সোঁৱৰাই দিয়ে ৷ লগতে কৰণ জোহৰে এখন নতুন স্কিপ্তৰ কথা উল্লেখ কৰে। ১৭ এপ্ৰিলত মুক্তি পোৱা কলংকে প্ৰথম সপ্তাহত উপাৰ্জন কৰিলে ৭৪ কোটি টকা৷ ছবিখনে বিদেশত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। ইফালে এই সপ্তাহ উদযাপন কৰা ইস্তাৰৰ কাৰণে ছবিখনে ৬.২৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰে ।

বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবি “কলংক” ছবিৰ বক্স অফিচ উপাৰ্জন যদি আমি প্ৰত্যক্ষ কৰোঁ ৷তেন্তে আমি দেখিবলৈ পাঁও যে,ছবিখনে ভাল উপাৰ্জন আৰম্ভ কৰিছিল যদিও ক্ৰমান্বয়ে উপাৰ্জন হ্ৰাস হোৱা দেখিবলৈ পোৱা যায় । বক্স অফিচ ইণ্ডিয়াৰ এক বিশেষ তথ্য অনুসৰি সোমবাৰে ছবিখনে ৩.৫০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ লগতে কলংক ছবিখনে বিগত ছয়দিনত ৬৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইফালে বহু প্ৰতীক্ষিত হলীউড ছবি এভেঞ্জাৰঃ এণ্ড গেম ছবিখন মুক্তি পালেই ছবি গৃহসমূহত কলংক ছবিৰ উপাৰ্জনত সীমিত হ’ব পাৰে ৷ ইফালে কলংক ছবিৰ মুক্তিৰ প্ৰথম দিনাৰ পিছত বিগত পাঁচদিনত ছবিখনৰ উপাৰ্জনৰ সীমিত হৈ আহে। কলংক ছবিখনৰ নিৰাশাজনক উপাৰ্জনৰ সন্দৰ্ভত অভিনেত্ৰী আলিয়া ভাট্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অভিনেত্ৰী আলিয়া ভাট্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কলংক ছবিখনে অভিনেত্ৰী গৰাকীক কঠোৰ পৰিশ্ৰম কৰিবলৈ উদগনি দিছে ৷ যাতে অনাগত দিনত দৰ্শক,সমালোচক সকলোকে সুখী কৰিব পাৰে ৷ লগতে সকলো দিন একেই নহয় বুলিও কয় অভিনেত্ৰী আলিয়া ভাট্টে ৷

অন্যহাতে কলংক ছবিখন ১৯৪০ চনৰ এটি পিৰিয়ড ড্ৰামা ৷ছবিখনত ছটা চৰিত্ৰৰ প্ৰেম,বিবাহ,ঘৃণা, প্ৰত্যাহ্বান আৰু পৰিয়াল কেন্দ্ৰিক এখন মনপৰশা নাটক দেখুওৱা হৈছে ৷ ইফালে ছবিখনত সুন্দৰ অভিনয়,আকৰ্ষনীয় নৃত্য,মনপৰশা অভিনয়, উন্নত তথা জীৱন্ত দৃশ্যসজ্জাই আকৰ্ষণ কৰিছে সকলো চলচ্চিত্ৰ প্ৰেমীক।

কলংক ছবিৰ টিজাৰ মুকলি কৰাৰ প্ৰাকমুহুৰ্তত ছবি খনৰ নিৰ্মাতাই প’ষ্টাৰসমূহৰ জৰিয়তে এক জনসাধাৰণৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷ কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

দ্বিতীয়তে ছবি খনৰ আন এটা প’ষ্টাৰত আছে সোনাক্ষী সিন্হা ৷ সোনাক্ষীয়ে সত্যা নামৰ চৰিত্ৰ অভিনয় কৰিছে “কলংক”ত ৷ ছবিখনত বৰুন ধাৱনে জফৰ আৰু আদিত্য ৰয় কাপুৰে দেৱ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কলংকত সঞ্জয় দত্তকো দেখা পাব দৰ্শকে ৷ সঞ্জয় দত্তই বলৰাজ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অন্যহাতে নিৰ্দেশক অভিষেক বৰ্মনৰ কলংক ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ এপ্ৰিল মাহত ৷ সোনাক্ষী সিন্হাই কলংকত অভিনয় কৰা সত্যা চৰিত্ৰটোৰ সম্পৰ্কত লিখে যে প্ৰেম,অখণ্ডতা আৰু ত্যাগ মানেই সত্যা ৷

ইয়াৰ পিছতে মুক্তি পালে কলংকৰ টিজাৰ ৷ চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ টিজাৰটোত ।

কলংক ছবিৰ প্ৰথম তিনিটি সংগীত মুক্তি পোৱাৰ পিছত এইবাৰ মুক্তি পালে তবাহ হো গয়া গীতটি। ইতিমধ্যে তবাহ হো গয়া গীতটিয়ে চলচ্চিত্ৰ প্ৰেমীক মন্ত্ৰমুগ্ধ কৰিছিল। ইফালে চলচ্চিত্ৰ প্ৰেমীসকলৰ মন্তব্য কৰা অনুসৰি তবাহ হো গয়া গীতটিয়ে অনুভৱ দিয়ে দেবদাস ছবিখনৰ মাৰ ডালা গীতটিৰ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com