বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি বদলা প্ৰমোশ্যনত অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ বিশেষ পদক্ষেপ

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি বদলা প্ৰমোশ্যনত অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ বিশেষ পদক্ষেপ
Published on

বলীউডৰ অভিনেত্ৰী তাপ্সী পান্নু আৰু অমিতাভ বচ্চনৰ এখন নতুন ছবি বদলা সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ কাৰণ অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ পিংক ছবিখনে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে বক্স অফিচত ৷কিন্তু সম্প্ৰতি বদলা ছবিখনৰ কলা কুশলী তথা নিৰ্মাতা সকলে লৈছে এক বিশেষ পন্থা ৷ এক বিশেষ অনুষ্ঠানৰ দ্বাৰা বদলা ছবিখনৰ প্ৰমোশ্যন কৰিবলৈ আগবাঢ়িছে কলাকুশলী সকল ৷ কিন্তু অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চন আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে অতি আনন্দৰে,ধেমেলীয়াৰে আগবঢ়াই নিছে ৷ প্ৰায় ৮ মিনিট ৬ ছেকেণ্ডৰ অনুষ্ঠানটিত বিগ বি অমিতাভ বচ্চন আৰু বাদশ্বাহ শ্বাহৰুখ খানে যথেষ্ট আনন্দ কৰিছে ৷

এই অনুষ্ঠানটিত কেতিয়াবা শ্বাহৰুখ খানে বিগ বি অমিতাভ বচ্ছনক প্ৰশ্ন কৰে আৰু কেতিয়াবা বিগ বীয়ে শ্বাহৰুখ খানক প্ৰশ্ন কৰে ৷ইফালে এই অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চনে ৰোমন্থন কৰিলে অভিনয় জীৱনৰ প্ৰথম স্তৰৰ কথা ৷ শ্বাহৰুখ খানে অভিনয় জগতলৈ কেনেদৰে আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিগ বিৰ মন্তব্য যে কিণ্ডাৰ গাৰ্ডেনত থাকোতেই অমিতাভ বচ্চনে অভিনয় জীৱনত খোজ পেলাইছিল ৷ তেতিয়াই বিগ বিয়ে মুৰ্গীৰ এটি পোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। লগতে বিগ বিয়ে কয় যে ৫০ বছৰৰ আগতে বিগ বিৰ প্ৰথম ছবি ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত সাত হিন্দুস্তানীৰ কাৰণে চহী কৰিছিল ৷ তাৰ কাৰণে বিগ বিয়ে মাত্ৰ ৫ হাজাৰ টকা লাভ কৰিছিল।

সম্প্ৰতি আমি ২০১৯ চনত উপস্থিত হৈছো ৷লগতে ধেমেলীয়া সুৰত বিগ বিয়ে কয় যে ইমান সময় আগবাঢ়ি আহিলো যদিও পইচা বৃদ্ধি হোৱা নাই ৷ কলাৰ কাৰণে আমি বহুত বলিদান দিবলগীয়া হয় ৷ইফালে অল ইণ্ডিয়া ৰেডিঅ’ বিগ বি অমিতাভ বচ্চন নিৰ্বাচিত নোহোৱা প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত কয় যে কোনো বিশেষ ব্যক্তিৰ নিৰ্দেশত অল ইণ্ডিয়া ৰেডিঅ’ত পৰীক্ষা দিবলৈ গৈছিল বিগ বি ৷ তেওঁ ইংৰাজী আৰু হিন্দী ভাষাৰ ঘোষিকা কাৰণে পৰীক্ষা দিছিল ৷কিন্তু বিভাগীয় কৰ্মকৰ্তা সকলে নাকচ কৰিলে বিগ বিৰ অডিশ্যন ৷ইয়াৰ পিছত শ্বাহৰুখ খানে চাউণ্ড অফ বদলা নামৰ মিউজিক শুনায় বিগ বিক ৷

অনুষ্ঠানটিত বিগ বীৰ অভিনয় জীৱনৰ উপৰিও বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনয় জীৱনৰ কথা চৰ্চা কৰিলে দুয়োজন ছুপাৰষ্টাৰে ৷ প্ৰথম বলীউডত প্ৰবেশ কৰি দুয়োগৰাকী ছুপাৰষ্টাৰৰ সময়ত হোৱা অভিজ্ঞতা,অনুভৱ তথা অন্য বিষয় ওপৰত চৰ্চা কৰে ৷ শ্বাহৰুখ খানে বদলা ছবিখন পৰিচালনা কৰা প্ৰশংগত বিগ বিয়ে কৰা প্ৰশ্নৰ উত্তৰত বলীউডৰ বাদশ্বাহে মন্তব্য কৰে যে সৰুৰে পৰা বিগ বি অমিতাভ বচ্চনৰ ছবি সমূহ পইচা সাঁচি সাঁচি"ফাষ্ট ডে ফাষ্ট শ্ব’ চাই ৷ ধেমেলীয়া সুৰত বিগ বিৰ মন্তব্য যে শ্বাহৰুখ তুমি সচাঁ কথা কোৱা ,মিছা নহয় ৷ বিগ বিৰ ছবি শ্বাহৰুখ খানে বিগ বিতকৈ আগয়ে চাব বিচাৰে ৷ সেয়েহে এই ছবিখন পৰিচালনা কৰিলে ৷

ইফালে চৰ্চিত ছবি বদলাৰ প্ৰমোশ্যন শীৰ্ষক অনুষ্ঠানটি সকলো অনুৰাগীয়ে আদৰি লৈছে ৷ অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান দুয়োজনে বহু বিৰতিৰ পিছত এখনেই স্কীণ শ্বেয়াৰ কৰিছে ৷ অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ অভিনীত বদলা ৮ মাৰ্চত মুক্তি লাভ কৰিব ৷বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পৰিচালনা কৰাৰ কাৰণে ছবি খনৰ প্ৰমোশ্যনত নতুন শৈলী ব্যৱহাৰ কৰিছে ৷ সুজায় ঘোষৰ ডাৰেক্সনত বদলা ছবিখনত এনে এগৰাকী মহিলাৰ কাহানী দেখুওৱা হৈছে যিয়ে হত্যা,ব্লেকমেইল দোমোজাত পৰি সচাঁ তথ্য উলিয়াবলৈ সংঘৰ্ষ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com