বিগ বছ-১২ৰ প্ৰথমটো প্ৰমো আউট

বিগ বছ-১২ৰ প্ৰথমটো প্ৰমো আউট
Published on

কালাৰ্ছ চেনেলৰ জনপ্ৰিয় অনুষ্ঠান বিগ বছ-১২ৰ প্ৰথমটো প্ৰমো মুকলি ইতিমধ্যে প্ৰকাশ পাইছে।বিগত ১১বছৰৰ পৰা চলি অহা এই অনুষ্ঠান প্ৰায় সকলো মানুহৰে মাজত অতিকৈ জনপ্ৰিয়।তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অনুষ্ঠানটি আঁত ধৰে সকলোৰে প্ৰিয় তথা হাৰ্টথ্ৰৱ,বলীউদৰ ভাইজান চলমান খানে।

এইবাৰৰ বিগ বছ-১২ত চলমান খানে চাৰিটা ৰূপত প্ৰমো আগবঢ়াব।তাৰে এটা চলমানে এজন শিক্ষকৰ ৰূপত প্ৰমো কৰিব দৰ্শকৰ মাজত।প্ৰথম প্ৰমোটো ইতিমধ্যে মুক্তি হৈছে।য'ত চলমানে এজন শিক্ষকৰ ৰূপত এইবাৰৰ বিগ বছ-১২ৰ মুল বিষয়ৰ ওপৰত "বিচিত্ৰ জড়ী" আদি সকলো কথাৰ বিৱৰন ডাঙি ধৰে।এইবাৰৰ বিগ বছ-১২ত 'বিচিত্ৰ-জড়ী তথা পতী-পত্নী,বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ড হিচাপে নহয় মামা-ভাঞ্জা,শাহু-বোৱাৰী,বছ-এমপ্লই আদিৰ দৰে সম্বন্ধ বোৰে অংশ-গ্ৰহন কৰিব।আশা কৰিব পাৰি যে এইবাৰৰ আহিবলগীয়া বিগ বছ-১২ মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com