বিবাহৰ প্ৰসংগত কি উত্তৰ দিলে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে ?

বিবাহৰ প্ৰসংগত কি উত্তৰ দিলে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে ?

বিগত কিছুদিনৰ পৰা বি টাউনত অৰ্জুন কাপুৰ (Arjun kapoor) আৰু মলাইকা আৰোৰা বিবাহৰ প্ৰসংগই প্ৰাধান্য পাইছে ৷দুয়োজন ষ্টাৰৰ প্ৰেমে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰেমৰ প্ৰসংগৰ চৰ্চা লাভ কৰাৰ পিছত চৰ্চা লাভ কৰে বিবাহে ৷ মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ বিবাহস্থলী,দুয়োজনে লগ কৰাৰ বিভিন্ন ঠাইয়ে অনুৰাগীসকলক বাৰুকৈয়ে উৎসুক কৰি তোলে।

প্ৰথমতে ওলোৱা এক খবৰ অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ১৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব ৷ কিন্তু এই খবৰ নসাৎ হোৱাৰ পিছত দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই জুনত বিবাহ পাশত আৱদ্ধ হোৱা খবৰ আহি পৰিছে ৷ এই সন্দৰ্ভে অৰ্জুন কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই সম্প্ৰতি বিয়াৰ কথা ভবা নাই ৷সম্প্ৰতি মোৰ বয়স ৩৩ বছৰ ৷ যদি মই বিয়া পাতো তেতিয়া সকলো লোকেই জালিব পাৰিব ৷কাৰণ আজি কালি কোনো কথাই লুকাই নাথাকে।

ইফালে মলাইকা আৰোৰাৰ বিবাহৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ মলাইকা আৰোৰাই অৰ্জুন কাপুৰৰ লগত বিয়া হোৱা খবৰ খণ্ডন কৰে ৷মলাইকাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই খবৰ সমূহ সত্য নহয় ৷ উল্লেখযোগ্য যে প্ৰায় আৰব্বাজ খানৰ লগত বিবাহ বিচ্ছেদ কৰাৰ পিছত মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ চৰ্চা লাভ কৰিছিল ৷ ৪৫ বছৰীয়া মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে আজি কিছুদিনৰ আগতে মালদ্বীপত একেলগে সময় কটাই আহিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com