বিয়াৰ পিছতো চৰ্চাৰ শীৰ্ষত দীপিকা পাডুকন;কিন্তু কিয় ?

বিয়াৰ পিছতো চৰ্চাৰ শীৰ্ষত দীপিকা পাডুকন;কিন্তু কিয় ?

১৪ আৰু ১৫ নবেম্বৰ বলীউডত নৱ বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিবাহ সম্পন্ন হৈ যায় ৷ কিন্তু বিয়াৰ পিছতো চৰ্চাৰ শীৰ্ষত বলীউডৰ নৱ বিবাহিতা দম্পতি দীপিকা পাডুকন আৰু ৰনৱীৰ সিং ৷ সম্প্ৰতি, চৰ্চা লাভ কৰিছে দীপিকা পাডুকনে মুম্বাই ৰিচিপছনত পৰিধান কৰা পোচাকে ৷ ডিজাইনাৰ অবু জানি আৰু সন্দীপ খোচলাৰ বগা তথা সোনালী ৰঙৰ পোচাক যোৰে সম্পতি চৰ্চাৰ শীৰ্ষত ৷ ইফালে ডিজাইনাৰ অবু জানিয়ে দীপিকাৰ পোচাকযোৰ তৈয়াৰ কৰোঁতে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৷ লগতে দীপিকাৰ মুম্বাইৰ ৰিছিপচনত পৰিধান কৰা এই পোচাকযোৰ তৈয়াৰ কৰোঁতে সময় লৈছিল প্ৰায় ১৬ হাজাৰ ঘন্টা ৷

আনহাতে অবু জানি আৰু সন্দীপ খোচলাই দীপিকাৰ পোচাকযোৰ তৈয়াৰ কৰাৰ লগতে দীপিকাই পৰিধান কৰা জুৱেলাৰী সমূহো তৈয়াৰ কৰিছিল ৷ উল্লেখ্য যে, দীপিকা ৰনৱীৰৰ মুম্বাইৰ বিয়াৰ পাৰ্টিটোত দীপিকাক বগা সোনালী ৰঙৰ মিশ্ৰিত পোচাকযোৰে ৰাজকুমাৰীতকৈ কম লগা নাছিল ৷ ইফালে ডিচেম্বৰৰ ১ তাৰিখে হ’ব লগা ৰিচিপছনটোত বলীউডৰ বহু চেলীবেট্ৰী উপস্থিত থকাৰ লগতে থাকিব দীপিকা ৰনৱীৰৰ বন্ধু বান্ধৱীসকল ৷ ৰনৱীৰ দীপিকাৰ প্ৰথমটো গ্ৰেণ্ড পাৰ্টী তথা সিন্ধী আৰু দক্ষিণ ভাৰতীয় নীতি নিয়মেৰে হোৱা বিয়াখনত ৰনৱীৰ আৰু দীপিকাক অত্যন্ত ধুনীয়া দেখা গৈছিল ৷

অন্যহাতে দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰেণ্ড পাৰ্টী হৈ গ’ল বুধবাৰ অৰ্থাৎ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত অনুষ্ঠিত হ’ল দীপিকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টী৷ বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত আছিল দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো অনুস্থিত হৈছিল ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত আছিল ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্য লোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷

এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, দীপিকা ৰনৱীৰৰ বিয়াৰ পিছত তেওঁলোকৰ যি কোনো বেণ্ডৰ মূল্য বাঢ়ি গৈছে ৷ জনপ্ৰিয় আলোচনী ফ’বছৰ মতে,দীপিকাৰ বাৰ্ষিক আয় হৈছে ১০২ কোটি টকা ৷ ৰনৱীৰৰ হৈছে ২২০ কোটি টকা ৷ উল্লেখ্য যে,১৪ আৰু ১৫ নৱেম্বৰত ইটালীৰ লেক ক’মোত হৈছিল বলীউডৰ বহু চৰ্চিত ৰনৱীৰ দীপিকাৰ বিয়াখন ৷ প্ৰায় ৭০০বছৰ পুৰণি এটা ভিলা হোৱাত বিয়াখনক লৈ উৎসুক হৈ পৰিছিল অনুৰাগীসকল৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com