বিয়াৰ পিছৰ প্ৰথম হোলীত পৰিয়ালৰ লগত থাকিব নোৱাৰে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে

বিয়াৰ পিছৰ প্ৰথম হোলীত পৰিয়ালৰ লগত থাকিব নোৱাৰে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে

বলীউডৰ সদ্য দৃশ্যগ্ৰহণ কৰা ছপাক ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ এই ছবিখনত দীপিকা পাডুকন লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিব ৷ ইফালে নিজৰ চৰিত্ৰটোৰ বিষয়ে বিশ্লেষণ কৰিবলৈ দীপিকা দিল্লীত উপস্থিত হৈছে ৷ এই ছবি খনত দীপিকা পাডুকনৰ ওপৰিও বিক্ৰান্ত মেছীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

চপাক ছবিখন নিৰ্দেশন কৰিছে মেঘনা গুলজাৰে ৷ ইতিমধ্যে মেঘনা গুলজাৰে "চপাক" ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন দুপাট্টা শ্বেয়াৰ কৰিছে ৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে চপাক ছবিখনৰ কাৰণে ইতিমধ্যে ব্যস্ত হৈ পৰিছে ছবিখনৰ কলা কুশলীসকল ৷ অন্যহাতে মেঘনা গুলজাৰে দীপিকা পাডুকনৰ লগত চপাক ছবিখন মুক্তি দিয়াৰ পিছতে দীপিকা পাডুকনৰ স্বামী তথা বলীউডৰ অভিনেতা ৰনবীৰ সিঙৰ ছবি কৰাৰ আশা কৰিব পাৰি ৷

ৰনৱীৰ সিং সম্প্ৰতি কবীৰ খানৰ ছবি ৮৩ ৰ দৃশ্য গ্ৰহণ কৰি আছে ৷ ৮৩ ছবিখন কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ৷ ইফালে মেঘনা গুলজাৰে ৰনৱীৰ সিঙৰ লগত কৰিব লগীয়া ছবিখন হৈছে সোম মানেকশাঁ নামৰ এজন ভাৰতীয় সেনাৰ জীৱনৰ ওপৰত আধাৰিত ।

বিগত বৰ্ষত ১৪ আৰু ১৫ নবেম্বৰ বলীউডত নৱ বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিবাহ সম্পন্ন হৈ যায় ৷ দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰেণ্ড পাৰ্টী হৈ গ’ল বিগত বৰ্ষৰ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত অনুষ্ঠিত হ’ল দীপিকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টী ৷ বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত আছিল দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো অনুস্থিত হৈছিল ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত আছিল ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্য লোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷

সততে দীপিকা আৰু ৰনৱীৰৰ বিভিন্ন প্ৰসংগই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে অভিনেতা ৰনৱীৰ সিঙে পত্নী দীপিকা পাডুকনক এটা বিশেষ নামেৰে সম্বোধন কৰিছে ৷আৰু সেই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ভিডিঅ’টিত গলী বয়ৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনৱীৰ সিঙে এটা বিশেষ খেল খেলা প্ৰত্যক্ষ কৰা হৈছে ৷ য’ত ৰনৱীৰে দীপিকাৰ নামৰ লগত এটি কাৰ্ড লৈ থকা দেখা গৈছে ৷ আৰু আলিয়াই দীপিকা পাডুকনৰ নাম নোলোৱাকৈয়ে তাৰ অনুমান লগাব লাগে ৷

সেই সময়তে আলিয়াই দীপিকাৰ নাম নোলোৱাকৈয়ে কয় যে তেওঁ মোৰ বা হয় ৷ তেওঁৰ বৌ হয় ৷ আৰু তেওঁৰ চকুকেইটা সকলোতকৈ ধুনীয়া ৷ সেই সময়তে ৰনৱীৰে কয় এইয়াটো মোৰ গৰাকী ৷ অৱশ্যে যেতিয়া আলিয়াই দীপিকাৰ নাম ল’বলৈ ৰনৱীৰ সিঙক কয় তেতিয়া ৰনৱীৰে কয় যে শ্ৰীমতী ৰণৱীৰ সিং ৷আৰু দীপিকাৰ সম্পূৰ্ণ নাম ল’বলৈ কোৱাত ৰনৱীৰে কয় যে শ্ৰীমতী দীপিকা ৰণৱীৰ সিঙ ভৱানী পাডুকন ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com