ভাৰতলৈ প্ৰিয়াংকা চোপা আৰু নিক জ’নাছঃ শ্বেয়াৰ কৰিলে আলোকচিত্ৰ

ভাৰতলৈ প্ৰিয়াংকা চোপা আৰু নিক জ’নাছঃ শ্বেয়াৰ কৰিলে আলোকচিত্ৰ

ভাৰতীয় চলচ্চিত্ৰৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু প্ৰিয়াংকাৰ স্বামী তথা চলচ্চিত্ৰ প্ৰেমীৰ জোৱাঁই নিক জ’নাছ সম্প্ৰতি দিল্লীত ৷মংগলবাৰে পুৱাই দিল্লীত উপস্থিত হৈয়ে ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে দিল্লী বাসীক সম্ভাষণ জনায় প্ৰিয়াংকাই ৷লগতে স্বামী নিক জোনছক উদ্দেশ্য কৰি প্ৰিয়াংকাৰ ভাষ্য যে বেষ্ট ট্ৰেভেল ৱাডী ৷ ইফালে এইবাৰ প্ৰিয়াংকাক দেখিবলৈ পোৱা গ’ল ২০১৯ বৰ্ষৰ অস্কাৰত ৷হলীউডৰ বহু ছুপাৰষ্টাৰৰ লগত একে শাৰীত দেখা গ’ল প্ৰিয়াংকা আৰু নিক জ’নাছক ৷ প্ৰিয়াংকাই ক’লা ৰঙৰ পোচাক পৰিধান কৰাৰ বিপৰীতে নিক জ’নাছে পৰিধান কৰিছিল নীলা ৰঙৰ চ্যুট ৷এক বিশেষ তথ্যৰ খবৰৰ অনুসৰি। প্ৰিয়াংকাই অভিনেতা ফাৰহান আখতাৰ আৰু জাইৰা ৱাছিমৰ লগত মুক্তিৰ অপেক্ষাত থকা ছবি 'দ্য স্কাই ইজ পিংক'ৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ পৰিব ৷ ছবি খনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১১ অক্টোবৰত ৷

https://www.instagram.com/p/BuWruRUH3X2/

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

অন্যহাতে প্ৰিয়াংকা নিকৰ বিয়াত হলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷তাৰ ভিতৰত ড্ৰবেন জনচন,কানাডীয়ান অভিনেত্ৰী লিলী সিং,আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী তথা নৃত্যশিল্পী য়াস্মীন অল মচৰী,অমেৰিকাৰ অভিনেতা জোনাথন টক্কৰ,অভিনেত্ৰী এলিজাবেথ চেম্বাছ,আমেৰিকান গায়ক মাৰ্টিন গেৰিক্স,আমেৰিকাৰ গায়ক ফেংকী জোনাচ অন্যতম ৷

য’ত উপস্থিত আছিল হলীউডৰ লগতে বলীউডৰ বহু অভিনেতা অভিনেত্ৰী ৷ উল্লেখ্য যে,হলীউড তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ প্ৰেম তথা বিয়াকলৈ চৰ্চাৰ যেন অন্ত নপৰিব অনুৰাগীসকলৰ মাজত। প্ৰায়ে প্ৰিয়ংকাৰ প্ৰেম,ষ্টাইল,গ্লেমাৰ আদি সকলোবোৰ চৰ্চা শীৰ্ষত থাকে ৷

প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ প্ৰেমৰ সন্দৰ্ভত প্ৰকাশ কৰে যে, ২০১৭ চনত প্ৰিয়াংকা আৰু নিকক ডিজাইনাৰ Ralph Lauren য়ে এটি শ্ব’ত ভাগ ল’বলৈও আমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পিছত প্ৰিয়াংকা আৰু নিক নিউয়ৰ্কৰ এটি পাৰ্টিত মিলিত হৈছিল যদিও পিছত প্ৰিয়াংকাই নিউয়ৰ্কস্থিত বাসগৃহলৈও নিকক আমন্ত্ৰণ জনাইছিল ৷সেই সময়ত প্ৰিয়াংকাৰ ঘৰত মাতৃ মধু চোপ্ৰাও আছিল ৷ প্ৰিয়াংকাই কয় যে আমি ঘৰত বহু ঘন্টা কথা পাতিছিলো ৷ লগতে সেই সময়ত কোনো চুম্বন হোৱা নাছিল বুলি আলোচনীখনৰ আগত প্ৰকাশ কৰে প্ৰিয়াংকাই ৷আলোচনীখনৰ আগত প্ৰিয়াংকাই নিকে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱ সম্বন্ধেও প্ৰকাশ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com