মই চৈঈফ আৰু অমৃতাৰ জীয়ৰী গতিকে মই অসাধাৰণ হমেই: সাৰা আলি খান

মই চৈঈফ আৰু অমৃতাৰ জীয়ৰী গতিকে মই অসাধাৰণ হমেই: সাৰা আলি খান

মই চৈইফ আৰু অমৃতা সিঙৰ জীয়ৰী ৷গতিকে মোৰ ব্যৱহাৰ অসাধাৰণটো হ’বই ৷ এই মন্তব্য সাৰা আলী খানৰ ৷সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী অনুস্থান "ত দেওবাৰে এই মন্তব্য কৰিলে সাৰা আলি খানে ৷ অনুষ্ঠানটোত পিতৃ চেইফ আলি খান আৰু সাৰাই বিগত সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন মূহুৰ্তৰ কথা প্ৰকাশ কৰিলে ।মন কৰিব লগীয়া যে,বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰৰ লগতে চৈইফ আলি খানৰ বিয়া হোৱাৰ পিছত সততে অনুৰাগীসকলে কৰীণা আৰু সাৰাৰ সম্বন্ধটোৰ বিষয়ে জানিবলৈ উৎসুক হৈ থাকে৷কাৰণ সাৰা হৈছে চৈইফ আলি খান আৰু চেইফৰ প্ৰাক্তন পত্নী অমৃতা সিঙৰ জীয়ৰী ৷

অনুষ্ঠানটোত কৰণ জোহৰে চৈইফ আৰু কৰীনাৰ বিয়াৰ সন্দৰ্ভত প্ৰশ্ন কৰাত সাৰাই কয় যে,দেউতাকৰ দ্বিতীয় বিবাহ অৰ্থাৎ চৈইফ আৰু কৰীণাৰ বিয়াত,চৈইফৰ প্ৰথমা পত্নী অমৃতাই নিজেই জীয়ৰী অমৃতাক সজাইছিল ৷ লগতে সাৰাই কয় যে, মাতৃ অমৃতাই সাৰাক দেউতাকৰ চৈইফৰ কাৰণে বিয়াত উপস্থিত থাকিবলৈ কোৱাৰ লগতে আনন্দ কৰিবলৈও কয়। অন্যহাতে কৰণ জোহৰৰ "কফী উইথ কৰণ" অনুষ্ঠানটোত চৈইফ আলি খানে কৰীনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ প্ৰাকমুহূৰ্ত্তত প্ৰথমা পত্নী অমৃতা সিঙলৈ অনাগত জীৱনত আগৱাঢ়ি যাবলৈ এক শুভেচ্ছা বাৰ্তাসূচক এখন চিঠি দিয়াৰ কথা উল্লেখ কৰে ৷ আৰু,সেই চিঠিখন চৈইফে কৰীনা কাপুৰকো পঢ়াইছিল ৷ কৰীণাই চিঠিখন পঢ়ি,সেই চিঠিখন চেইফৰ প্ৰথমা পত্নী অমৃতা সিঙক দিবলৈ কয় ৷

এই ক্ষেত্ৰত চৈইফ আৰু অমৃতাৰ জীয়ৰী সাৰাই কয়,দেউতাকৰ বিয়াত অংশ ল’বৰ কাৰণে সাৰা প্ৰস্তুত আছিল যদিও চেইফ আলি খানে মাতৃ অমৃতা সিঙক দিয়া চিঠিখনে চৈইফ আৰু সাৰাৰ সম্বন্ধটো অধিক মজবুতহে কৰিলে ৷ অনুস্থানটোত সাৰাই কয় যে, চেইফ আৰু অমৃতা সিঙৰ মাত্ৰ এজনীয়েই জীয়ৰী ৷ গতিকে মোৰ ব্যৱহাৰ অসাধাৰণ হ’বই ৷ ইফালে অনুষ্ঠানটোত সাৰাক অভিনেতা সকলৰ ভিতৰত প্ৰিয় আৰু ভাল লগা অভিনেতাৰ নাম সোধাত সাৰাই বলীউডৰ নৱ প্ৰজন্মৰ অভিনেতা কাৰ্তিক আয়ানৰ কথা উল্লেখ কৰে ৷ লগতে বিয়াৰ ক্ষেত্ৰত নাম লয় ৰনবীৰ কাপুৰৰ নাম ৷

অনুষ্ঠানটোত কৰণ জোহৰে চৈইফ আলি খানক সাৰাৰ বিয়াৰ প্ৰসংগত সোধাত কয় যে,সাৰাৰ হ’বলগীয়া স্বামীক ৰাজনৈতিক,টকা আৰু বিভিন্ন প্ৰসংগৰ কথা সোধাৰ কথা উত্থাপন কৰিলে ৷উল্লেখযোগ্য যে,বলীউডৰ বহু চৰ্চিত বিয়া চৈইফ আলি খান আৰু কৰীণ কাপুৰ খানৰ বিবাহ হৈছিল ২০১২ চনৰ ১৬ অক্টোবৰত ৷ আৰু চৈইফ আলি খান আৰু অমৃতা সিঙৰ বিয়া হৈছিল ১৯৯১ চনত ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com