মুক্তি পাব ৰাজকুমাৰ ৰাও আৰু মৌনি ৰয়ৰ নতুন ছবি

মুক্তি পাব ৰাজকুমাৰ ৰাও আৰু মৌনি ৰয়ৰ নতুন ছবি
Published on

২০১৮ চনটো বলীউদৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ বাবে এক অন্যতম বৰ্ষ।কিছুদিন পূৰ্ৱে মুক্তি পোৱা শ্ৰদ্ধা কাপুৰৰ বিৰীতে অভিনয় কৰা "স্ত্ৰী" ছবি খনে বক্স অফিচত এক বিশেষ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে,সৰু পৰ্দাৰ মোহময়ী তথা কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত হোৱা 'নাগিন' ধাৰবাহিক খনৰ অভিনেত্ৰী মৌনি ৰয়ৰো অক্ষয় কুমাৰৰ লগত অভিনয় কৰা প্ৰথম খন ছবি "গোল্ড"ত বিশেষ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে।ছবি খনে ১০০কোটি লাভ কৰিবলৈ সক্ষম হয়।

এতিয়া এই দুয়োগৰাকী তাৰকাই একেলগে অভিনয় কৰা ছবি তথা আহিবলগীয়া ছবি "মেড ইন ছাইনা" মুক্তি পাব অহা ১৫ আগষ্টত।

মিখিল মোছালে হৈছে ছবি খনৰ নিৰ্দেশক,মাদক ফ্লিমছৰ বেনাৰৰ অন্তৰ্গত 'মেড ইন ছাইনা' ছবি খনৰ প্ৰযোজক হৈছে দিনেশ ভিজান।ছবি খনত ৰাজকুমাৰ ৰাও আৰু মৌনি ৰয়ৰ লগতে বুমন ইৰানীকো দেখা পোৱা যাব।আশা কৰিব পাৰি 'মেড ইন ছাইনা' ছবি খনে সক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com