মুক্তি পালে বলীউডৰ হাস্যমধুৰ ছবি কুলী নাম্বাৰ ১ ৰ প’ষ্টাৰ

মুক্তি পালে বলীউডৰ হাস্যমধুৰ ছবি কুলী নাম্বাৰ ১ ৰ প’ষ্টাৰ

বলীউডৰ অভিনেতা বৰুণ ধাৱানে শেহতীয়াকৈ কুলী নাম্বাৰ ১ ৰ ফাষ্ট লুক হিছাপে এখন প’ষ্টাৰ ৰিলীজ কৰিছে ৷বুধবাৰে নিশা বৰুণ ধাৱনে এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে আজিৰ দিনটোতেই অনাগত বৰ্ষত আহিব কুলী নাম্বাৰ ১ ৷ইয়াৰ লগতে বৰুণ ধাৱানে কুলী নাম্বাৰ ১ ৰ ডাইৰেক্টৰ ডেভিড ধাৱান,অভিনেত্ৰী সাৰা আলী খান আৰু বাশু ভগনানীক টেগ কৰিছে। ছবিখনৰ বিষয়ে বৰুণ ধাৱানে সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই ছবিখনত মই অভিনয় কৰিব বিছাৰোঁ ৷ কাৰণ যেতিয়া মই কুলী নাম্বাৰ ১ চাইছিলো ৷ তেতিয়া মই ছবিখন চাই যথেষ্ট আনন্দ লাভ কৰিছিলোঁ ৷এই ছবিখন চাই মই যথেষ্ট ভাল সময় অতিবাহিত কৰিছো। এই ছবিখন পৰিয়ালকেন্দ্ৰিক ছবি ৷ এই ছবিখন ৰিমেক নহয়।

https://www.instagram.com/p/Bw7So-NByG4/

কুলী নাম্বাৰ ১ মুক্তি লাভ কৰিছিল ১৯৯৫ চনৰ ৩০ জুনত ৷ এই ছবিখন আছিল ডেভিড ধাৱানৰ। হাস্য ধৰ্মী এই ছবিখনত অভিনয় কৰিছিল গোবিন্দা, কৰিশ্মা কাপুৰ,কাঞ্চন,প্ৰয়াত কেদাৰ খান আদি শিল্পীয়ে ৷সম্প্ৰতি বৰুণ ধাৱান ব্যস্ত আছে ষ্টিট ডাঞ্চাৰৰ দৃশ্যগ্ৰহণত ।

কৰণ জোহৰৰ ছবি মাই নেম ইজ খানত সহ পৰিচালক হিচাপে কাম কৰা বৰুণ ধাৱনে ২০১২ চনত ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰে। ইয়াৰ পিছত ২০১২ চনত হামটি শৰ্মা কী দুলহনীয়া,২০১৫ চনত ABCD 2,২০১৫ চনত হাস্যমধুৰ ছবি “দিলৱালে” আৰু ২০১৭ চনত জুড়ৱা ২ ৰে সফলতাৰ শীৰ্ষত আৰোহন কৰে ৷ ২০১৫ চনত মুক্তি প্ৰাপ্ত বদলাপুৰ ছবিখনত বৰুণ ধাৱনক সাৱলীল অভিনয় কৰা দেখিবলৈ পোৱা যায়। ২০১৭ চনত বৰুন ধাৱনে অভিনয় কৰে বদৰী নাথ কী দুলহনীয়া ছবিত ৷ ২০১৮ ত “অক্টোবৰ”আৰু চলিত বৰ্ষত ১৭ এপ্ৰিলত মুক্তি পায় বৰুণ ধাৱনৰ বহু চৰ্চিত ছবি “কলংক” ৷

সম্প্ৰতি কলংকত বৰুণ ধাৱনৰ অভিনয় চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ ন’হবনো কিয় ,কলংকত বৰুণে কৰা জফাৰ চৰিত্ৰটোক সাৱলীল ভাৱে উপস্থাপন কৰিছে৷ কলংক ছবিত বৰুণ ধাৱানৰ লগত অভিনয় কৰিছে আলিয়া ভাট্ট,সোনাক্ষী সিন্হা,আদিত্য ৰয় কাপুৰ,মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তই। সততে দেখা যায় যে বৰুণ ধাৱন আৰু বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ৰ যি কেমেষ্ট্ৰী সেয়া যথেষ্ট উল্লেখযোগ্য ৷ ব্যতিক্ৰম নহয় কলংক ছবিখনো ৷ উপাৰ্জনৰ ক্ষেত্ৰত বৰুণ ধাৱনৰ ছবিসমূহে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে।

ইফালে ২০১৪ চনত ফৰ্বছ আলোচনীৰ ভাৰতৰ ১০০ জন অত্যাধিক পাৰিশ্ৰমিক লোৱা ছুপাৰষ্টাৰৰ ভিতৰত বৰুণ ধাৱানে স্থান পাবলৈ সক্ষম হয়। ইফালে সম্প্ৰতি ৩২ বছৰীয়া হোৱা বৰুণ ধাৱনে বলীউডৰ চলচ্চিত্ৰ অনুৰাগীসকললৈ কঢ়িয়াই আনিছে এক বিশেষ সুখবৰ ৷ কাৰণ আজি বৰুণ ধাৱনৰ পিতৃ ডেভিড ধাৱনে কুলী নাম্বাৰ ১পুনৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ৷ছবিখনৰ জৰিয়তে ২৫ বছৰৰ পিছত বাসু ভগনানী আৰু ডেভিড ধাৱনে একেলগে কাম কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com