মুক্তি পালে বহু চৰ্চিত ছবি বদলাঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

মুক্তি পালে বহু চৰ্চিত ছবি বদলাঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী
Published on

আজি মুক্তি দিয়া হৈছে বহু চৰ্চিত ছবি বদলা ৷ প্ৰত্যেক সময়তে ক্ষমা কৰি দিয়াটো শুদ্ধ নহয়৷ এই সংলাপ অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ অভিনীত বদলা ছবিখনৰ ৷এই সংলাপটোৱেই চিনাক্ত কৰিছে বদলা ছবিখনৰ পৰিভাষা ৷ কিন্তু এই বদলা,এই প্ৰতিশোধ কাক? কোনে? আৰু কিয় ল’ব সেই সম্পৰ্কে আপুনি জানিব ছবি খন ছোৱাৰ পিছত ৷ স্পেইনৰ এখন ছবি Contratiempo অৰ্থাৎ দ্য ইনভিজিবেল গেষ্টৰ ছবিখনৰ আধাৰত নিৰ্মিত বদলাৰ প্ৰযোজক হৈছে সুজয় ঘোষ ৷ ছবিখনক পৰিচালনা কৰিছে বাদশ্বাহ শ্বাহৰুখ খানৰ কম্পনী ৰেড ৰিলীজ এন্টাৰটেইনমেন্টে ৷

ছবিখনক লৈ বাদশ্বাহ কিং খান যথেষ্ট আশা বাদী৷ অন্যহাতে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানে বিগত সময়ত বহু ছবিত অভিনয় কৰিছিল ৷বদলা ছবিখনৰ কাহিনীটো আৰম্ভ কৰিবলৈ প্ৰায় ১০ দহবছৰ লাগিছিল সুজয় ঘোষক ৷ সুজয় ঘোষে ছবি খনৰ কাহিনী লিখিছিল যদিও নাম অথবা টাইটেল বিচাৰি পোৱা নাছিল ৷ছবি খনৰ কাহিনীত তেতিয়া অমিতাভ বচ্চন লগত আছিল বিদ্যা বালান ৷ আৰু তৃতীয় চৰিত্ৰটোৰ কাৰণে নাছিৰুদ্দিন শ্বাহে সন্মতি দিছিল ৷

কিন্তু পৰৱৰ্তী সময়ত সকলো পৰিৱৰ্তন কৰে ৷ দুঘন্টাতকৈ বহু সীমিত সময়ত তৈয়াৰ কৰা এই ছবিখনত ব্যয় কৰা হৈছে প্ৰায় ৩০ কোটি টকা । প্ৰায় ৭৫০ ৰ পৰা ৮০০ স্কীণত মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনাই তিনিৰ পৰা পাঁচ কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰিছে ছবিখনৰ কলা কুশলী সকলে ৷

ইফালে বদলা ছবিখনৰ কলা কুশলী তথা নিৰ্মাতা সকলে লৈছিল এক বিশেষ পন্থা ৷ এক বিশেষ অনুষ্ঠানৰ দ্বাৰা বদলা ছবিখনৰ প্ৰমোশ্যন কৰিছিল কলাকুশলী সকলে ৷ বিগ বি অমিতাভ বচ্চন আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে অনুষ্ঠানটোত অতি আনন্দৰে,ধেমেলীয়াৰে আগবঢ়াই নিছে ৷ প্ৰায় ৮ মিনিট ৬ ছেকেণ্ডৰ অনুষ্ঠানটিত বিগ বি অমিতাভ বচ্চন আৰু বাদশ্বাহ শ্বাহৰুখ খানে যথেষ্ট আনন্দ কৰিছে ৷

এই অনুষ্ঠানটিত কেতিয়াবা শ্বাহৰুখ খানে বিগ বি অমিতাভ বচ্ছনক প্ৰশ্ন কৰে আৰু কেতিয়াবা বিগ বীয়ে শ্বাহৰুখ খানক প্ৰশ্ন কৰে ৷ইফালে এই অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চনে ৰোমন্থন কৰিলে অভিনয় জীৱনৰ প্ৰথম স্তৰৰ কথা ৷ শ্বাহৰুখ খানে অভিনয় জগতলৈ কেনেদৰে আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিগ বিৰ মন্তব্য যে কিণ্ডাৰ গাৰ্ডেনত থাকোতেই অমিতাভ বচ্চনে অভিনয় জীৱনত খোজ পেলাইছিল ৷ তেতিয়াই বিগ বিয়ে মুৰ্গীৰ এটি পোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। লগতে বিগ বিয়ে কয় যে ৫০ বছৰৰ আগতে বিগ বিৰ প্ৰথম ছবি ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত সাত হিন্দুস্তানীৰ কাৰণে চহী কৰিছিল ৷ তাৰ কাৰণে বিগ বিয়ে মাত্ৰ ৫ হাজাৰ টকা লাভ কৰিছিল।

অনুষ্ঠানটিত বিগ বীৰ অভিনয় জীৱনৰ উপৰিও বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনয় জীৱনৰ কথা চৰ্চা কৰিলে দুয়োজন ছুপাৰষ্টাৰে ৷ প্ৰথম বলীউডত প্ৰবেশ কৰি দুয়োগৰাকী ছুপাৰষ্টাৰৰ সময়ত হোৱা অভিজ্ঞতা,অনুভৱ তথা অন্য বিষয় ওপৰত চৰ্চা কৰে ৷ ইফালে চৰ্চিত ছবি বদলাৰ প্ৰমোশ্যন শীৰ্ষক অনুষ্ঠানটি সকলো অনুৰাগীয়ে আদৰি লৈছে ৷ অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান দুয়োজনে বহু বিৰতিৰ পিছত এখনেই স্কীণ শ্বেয়াৰ কৰিছে ৷ অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ অভিনীত বদলা ৮ মাৰ্চত মুক্তি লাভ কৰিব ৷বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পৰিচালনা কৰাৰ কাৰণে ছবি খনৰ প্ৰমোশ্যনত নতুন শৈলী ব্যৱহাৰ কৰিছে ৷ সুজায় ঘোষৰ ডাৰেক্সনত বদলা ছবিখনত এনে এগৰাকী মহিলাৰ কাহানী দেখুওৱা হৈছে যিয়ে হত্যা,ব্লেকমেইল দোমোজাত পৰি সচাঁ তথ্য উলিয়াবলৈ সংঘৰ্ষ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com