মুক্তি পালে বৰাক উপত্যকাৰ প্ৰথম খন ৱেব চিৰিচ

মুক্তি পালে বৰাক উপত্যকাৰ প্ৰথম খন ৱেব চিৰিচ
Published on

প্ৰথম বাৰৰ বাবে বৰাক উপত্যকাৰ প্ৰডাক্টচন হাউচ এটাৰ পৰা মুকলি হ'ল ৱেব চিৰিচ । শিলচৰ প্ৰধান প্ৰডাক্টচন হাউচ প্ৰনৱ-কোনাড প্ৰডাক্টচন হাউচৰ পৰা ৱেব চিৰিচ খন মুক্তি পাইছে । কোনাড ভট্টাচাৰ্য্যৰ লেখা আৰু নিৰ্দেশনত 'কেপছন- দ্যা ৰাজিং' ৱেব চিৰিচ খন মুক্তি পাইছে ।

এইখন বৰাক উপত্যকাৰ প্ৰথম খন ৱেব চিৰিচ, গুৰুত্বপূৰ্ন কথাটো হ'ল যে ৱেব চিৰিচ খন যোৱা দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াগোল্ড ডিজিটেল চিনেমা হলত মুকলি কৰে । চিৰিচ খনৰ অভিনেতা-তথ্য প্ৰযুক্তিৰ কাম সমূহ বৰাকৰ লোকেই কৰিছে ।প্ৰনৱ শীল নামৰ ব্যক্তি জনে চিৰিচ খনৰ সমগ্ৰ কাম নিৰীক্ষন কৰিছে ।

চিৰিচ খন মুলত ইণ্ডিয়ান আৰ্মী,ইণ্ডিয়ান আৰ্মীক শ্ৰদ্ধাঞ্জলি,শ্বহীদ জাৱান তথা চোলদাৰ সকলৰ ওপৰত আধাৰিত । চিৰিচ খন আটাইকেইটা খণ্ড শিলচৰৰ ৰাজীৱ ভৱনত ৭ অক্টোবৰত মুক্তি পাব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com