মুক্তি পালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ অন্য এটি গীতঃ চৰ্চাত টাইগাৰ-তাৰাৰ কেমেষ্ট্ৰী

মুক্তি পালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ অন্য এটি গীতঃ চৰ্চাত টাইগাৰ-তাৰাৰ কেমেষ্ট্ৰী
Published on

সদ্যহতে বলীউডৰ চৰ্চিত ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২Jatt ludhiyane da’ শীৰ্ষক গীতটিয়ে মুক্তি পাইছে ৷ ছবিখনত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ,তাৰা চুতাৰিয়া আৰু অন্যন্যা পাণ্ডেয় অভিনয় কৰিছে ৷ ছবিখনত বিশেষকৈ তাৰা চুতাৰিয়া আৰু টাইগাৰ শ্ৰফৰ কেমেষ্ট্ৰীয়ে চৰ্চা লাভ কৰিছে ৷ ছবিখনৰ প্ৰথমে প’ষ্টাৰ,ইয়াৰ পিছত টিজাৰ আৰু ট্ৰেইলৰে অনুৰাগীৰ মাজত চৰ্চা লাভ কৰে ৷

ইফালে আজি মক্তি প্ৰাপ্ত গীতটিত কলেজ প্ৰেমৰ ৰোমান্টিক দৃশ্যৰ ছবি দেখিবলৈ পোৱা গৈছে ৷ গীতটিত অলপ সময়ৰ কাৰণে অন্যন্যা পাণ্ডেক দেখা যায় ৷ গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ছবিখন ত্ৰিকোন প্ৰেম কাহিনী সমৃদ্ধ ৷ ছবিখনৰ jatt ludhiyane da গীতটি বিশাল আৰু শেখৰৰ ৷গীতটিত কণ্ঠদান কৰিছে বিশাল ডাদলানি আৰু পায়েল দেৱে ৷

https://www.instagram.com/p/BxJ0a00nXSu/

অৱশ্যে ছবিখনৰ নিৰ্মাতা বৃন্দই পূৰ্বতেই দ্য জাৱানী ছং,মুম্বাই দিল্লী দি কুৰিয়াঁ আৰু হুক আপ চং তিনিটি গীতৰ উপৰিও ফাকিৰা শীৰ্ষক ৰোমান্টিক গীতটিৰো মুক্তি দিয়ে। অন্যহাতে হুক আপ চং গীতটিত টাইগাৰ শ্ৰফৰ সৈতে দেখিবলৈ পোৱা গৈছে ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ অভিনেত্ৰী আলিয়া ভাট্টক ।টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াৰ অভিনীত পুনীত মালহোত্ৰাৰ নিৰ্দেশিত ষ্টুডেণ্ড অৱ দ্য ইয়েৰ ২ য়ে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১০ মে’ত ৷

১৯৭২ চনৰ মুক্তি প্ৰাপ্ত ছবি ৰণধীৰ কাপুৰ আৰু জয়া বচ্চনৰ অভিনীত জৱানী দিৱানী ছবিখনৰ এ জৱানী হ্যে দিৱানী গীতটিত নৃত্য কৰিছে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ষ্টাৰ কাষ্ট টাইগাৰ শ্ৰফ,তাৰা চুতাৰিয়া আৰু অন্যন্যা পাণ্ডেই।

ইফালে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ প্ৰযোজক কৰণ জোহৰে ছবিখনৰ প্ৰথম গীতটিৰ বিষয়ে টুইটাৰ যোগে জনাইছে ৷গীতটিৰ সন্দৰ্ভত ছবিখনৰ এগৰাকী অভিনেত্ৰী তাৰা চুতাৰিয়াই কয় যে য়ে জৱানী হ্যে দিৱানী গীতটি হৈছে চিৰ সেউজ গীত। মোৰ দেউতাৰ অত্যন্ত প্ৰিয় গীতটি । আৰু মই এই গীতটিত নৃত্য কৰিবলৈ পাইছো ৷ অন্যহাতে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ ট্ৰেইলৰট মুক্তি পোৱাৰ পিছতে জনসাধাৰণৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল ।

ট্ৰেইলৰটোত টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াক অতি আকৰ্ষণীয় লাগিছে। পুনীত মালহোত্ৰাৰ ছবি ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ত টাইগাৰ শ্ৰফৰ প্ৰতিযোগিতা ৰুপী মন,প্ৰেম,সন্মান, বিদ্যালয়ৰ পুৰস্কাৰৰ কাৰণে কৰা প্ৰত্যাহ্বান আদি দেখিবলৈ পোৱা গৈছে ৷

ইলৰ লন্স কৰা অনুষ্ঠানটোত টাইগাৰ শ্ৰফ,তাৰা সুতাৰিয়া আৰু অন্যন্যা পাণ্ডেয় দৃশ্যগ্ৰহণত হোৱা নিজৰ অভিজ্ঞতা সন্দৰ্ভত ব্যক্ত কৰে ৷ইফালে বহুতই আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অভিনীত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ লগত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ সাদৃশ্য কৰাৰ প্ৰসংগত টাইগাৰ শ্ৰফে কয় যে মই দুয়োখন ছবিৰ সাদৃশ্য কৰাটো নিবিচাৰোঁ ৷দুয়োখন ছবিয়েই সম্পূৰ্ণ পৃথক ছবি ৷ যদি দৰ্শকে ছবিখনৰ ট্ৰেইলৰটো প্ৰত্যক্ষ কৰে তেন্তে নিশ্চয় বুজিব পাৰিব ৷

অন্যহাতে আলিয়া ভাট্ট,বৰুণ ধাৱান আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰথমখন ছবিৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে কৰণ জোহৰ ৷ পুনিল মালহোত্ৰাৰ সন্দৰ্ভত কৰণ জোহৰে কয় যে মই পুনিতক সৰুৰে পৰাই জানো ৷ পুনিত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ৰ ৰাজহাড় ৷ পুনিত মালহোত্ৰাৰ কয় যে মই যথেষ্ট উৎসুক৷ মই প্ৰথম দৃশ্যগ্ৰহণ আৰম্ভ কৰোঁতে যথেষ্ট ভয় খাইছিলো ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com