মুক্তিৰ প্ৰথম দিনাই বলীউডত অক্ষয় কুমাৰৰ ছবি কেশৰীৰ জয়যাত্ৰা

মুক্তিৰ প্ৰথম দিনাই বলীউডত অক্ষয় কুমাৰৰ ছবি কেশৰীৰ জয়যাত্ৰা

বলীউডত যেতিয়াই অক্ষয় কুমাৰৰ ছবি মুক্তি লাভ কৰে, তেতিয়াই চৰ্চাৰ শীৰ্ষত থাকে ৷ কাৰণ অক্ষয় কুমাৰৰ ছবি সমূহে বলীউডত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰে ৷ ব্যক্তিক্ৰম নহয় এইবাৰো ৷ কাৰণ মুক্তি পালে অক্ষয় কুমাৰ আৰু অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বহু চৰ্চিত ছবি কেশৰী ৷ ছবিখন মুক্তি পোৱাৰ পিছতে বক্স অফিচত ভাল ফলাফল কৰিবলৈ সক্ষম হয়। কেশৰী ছবিখন মুক্তি পোৱাৰ পিছতে প্ৰথম দিনাই ভাৰতত ২১.৫০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত তৰুণ আদৰ্শই ইতিমধ্যে এটা টুইট কৰিছে ৷ তৰুণ আদৰ্শই টুইট কৰিছে যে কেশৰী ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। তৰুণ আদৰ্শৰ মতে ২০১৯ চনৰ কেশৰী ছবিখন হৈছে প্ৰথমদিনাই সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি ৷ হোলীৰ কাৰণে পুৱা আৰু দুপৰীয়া লিমিটত কেশৰী ছবি খনৰ শ্ব’ থাকে যদিও বিয়লি পৰ্যন্ত ছবিখনে বৃহৎ উপাৰ্জন কৰে ৷ কেশৰী ছবিখনে প্ৰথম দিনাই ২১.৫০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। কেশৰী ছবিখন সাৰাগড়ীত হোৱা ঐতিহাসিক যুদ্ধৰ আধাৰত নিৰ্মিত ৷ এই ছবিখন বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত ৷

কেশৰীত অক্ষয় কুমাৰে বীৰ বাহাদূৰ হাবিলদাৰ ইশ্বৰ সিঙৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ইশ্বৰ সিঙ ৩৬ শিখ ৰেজিমেন্টৰ ২১ জন লোকৰ এজন কমাণ্ডৰ আছিল ৷ সাৰাগড়ী পাকিস্তানৰ বজীৰিস্তানত আছে ৷ ১৮৯৭ চনত ইয়াত যুদ্ধ হৈছিল। ইয়াত ২১ জন বাহাদূৰ শিখ বীৰ জোৱানে ১০ হাজাৰ আফগান সৈনিকক আক্ৰমণ কৰিছিল ৷ ২০১৯ চনত মুক্তি পোৱা ছবি সমূহৰ প্ৰথম দিনা উপাৰ্জন কৰা ছবিসমূহৰ তালিকা হ’ল ১১ জানুৱাৰীত মুক্তি লাভ কৰা ছবি উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকে প্ৰথম দিনা উপাৰ্জন কৰে ৮.২০ কোটি ৷ উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক ছবিখনত অভিনয় কৰিছিল বিকী কৌশল ৷ ছবিখনৰ হাও ইজ দ্য জোশ সংলাপটো বহুত জনপ্ৰিয় হৈছিল ৷

২৫ জানুৱাৰীত মুক্তি লাভ কৰা মণিকৰ্নিকা দ্য স্কীণ অফ ঝান্সী ছবিখনে উপাৰ্জন কৰে ৭.৭৫ কোটি টকা ৷ ১৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা গলীবয়ে উপাৰ্জন কৰে ১৯.৪০ কোটি টকা ৷ ২২ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা ট’টেল ধামালে উপাৰ্জন কৰে ১৬.৫০ কোটি টকা ৷ ১ মাৰ্চত উপাৰ্জন কৰা লুকা চুপীয়ে প্ৰথম দিনা উপাৰ্জন কৰে ৮.০১ কোটি টকা ৷ ১ মাৰ্চত মুক্তি লাভ কৰা সোনসিৰিয়াৰ প্ৰথম দিনা উপাৰ্জন কৰে ১.২০ কোটি টকা। অন্য এজন ট্ৰেড এনালিষ্ট ৰমেশ বালায়ে টুইট কৰে যে ২০১৯ বৰ্ষৰ কেশৰী হৈছে এতিয়ালৈকে মুক্তি প্ৰাপ্ত ছবিসমূহৰ ভিতৰত আটাইতকৈ বৃহৎ উপাৰ্জনকাৰী ছবি ৷ সম্প্ৰতি সমালোচকসকলেও কেশৰীক শলাগ লৈছে ৷ আৰু অক্ষয় কুমাৰৰ অভিনয়ক যথেষ্ট চৰ্চা লাভ কৰিছে কেশৰী ছবিখনক ।

ধৰ্মা প্ৰডাকশ্যনে নিৰ্মাণ কৰা কেশৰী ছবিখন পৰিচালক হৈছে অনুৰাগ সিং ৷ কেশৰীক ৩,৬০০ খন স্কীণ আৰু বিদেশত ৬০০ খন স্কীণত মুক্তি পায় ৷ ৮০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা কেশৰী ছবিখ মুঠ ৪,২০০ খন স্কীণত মুক্তি লাভ কৰে ৷ ইফালে কেশৰীৰ লগতে মুক্তি পোৱা ছবি মৰ্দ কো দৰ্দ নেহী হোতা ছবি খনৰ জৰিয়তে বলীউডত প্ৰসিদ্ধ অভিনেত্ৰী ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু দাসানীয়ে ডেবিউ কৰিছে ৷ সীমিত পৰিমাণৰ বাজেটেৰে নিৰ্মিত ছবিখনত ৰাধিকা মদান,গুলশ্যন দেবেয়া আৰু মহেশ মাঞ্জৰেকৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছে । ভাৰতত ছবিখনে মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তৰ টৰেন্ট’ ফিল্ম ফেষ্টিভেলত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ সমালোচক সকলেও ছবিখনক শলাগ লৈছে ৷ ছবিখনে ১-২ কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰিছে সকলোৱে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com