শিক্ষা সম্পূৰ্ণ নকৰাৰ কাৰণে দুখ বলীউডৰ এগৰাকী চেলীবেট্ৰীৰ: কিন্তু কোন এই চেলিব্ৰেট্ৰী?

শিক্ষা সম্পূৰ্ণ নকৰাৰ কাৰণে দুখ বলীউডৰ এগৰাকী চেলীবেট্ৰীৰ: কিন্তু কোন এই চেলিব্ৰেট্ৰী?
Published on

বলীউডৰ বেব’ কৰীনা কাপুৰ খানৰ অভিনয় জগতলৈ অহাৰ পূৰ্বে নিজৰ শিক্ষা সম্পূৰ্ণ নকৰাৰ কাৰণে দুখ প্ৰকাশ কৰে ৷ কৰীনা কাপুৰ খানৰ ৰেডিঅ’ৰ "হুৱাট ওমেন ৱান্ট" নামেৰে অনুষ্ঠানত মন্তব্য কৰে যে,সম্প্ৰতি মোৰ অনুভৱ হয় যে বলীউডত মোৰ এন্টী পলমকৈ কৰা হ’লে ভাল আছিল। কাৰণ,মই ১৭ বছৰ বয়সতে মই মোৰ ছবিৰ শ্বুটিং আৰম্ভ কৰিছিলো। সম্প্ৰতি মোৰ অনুভৱ হয় যে, মোৰ বহুত দুৰ্বল সিদ্ধান্ত ল’লো ৷ কাৰণ মই মোৰ শিক্ষা আধৰুৱা কৰিলোঁ ৷ লগতে কৰীনা কাপুৰ খানে কয় যে,সাম্প্ৰতিক সময়ত শিক্ষা অতি প্ৰয়োজন ৷ কিন্তু পুৰ্বতে শিক্ষাৰ প্ৰয়োজনীয়তাতকৈ মই শ্বুটিং অৰ্থাৎ দৃশ্য গ্ৰহণত অধিক মনোনিবেশ কৰিলোঁ ৷

লগতে কয় যে,সম্প্ৰতি মই মোৰ দুৰ্বলতা বুজি পাইছোঁ । ইফালে কৰীনাই পুত্ৰ টাইমূৰ আলী খানৰ সন্দৰ্ভত কয় যে, মই টাইমূৰৰ শিক্ষাত অধিক গুৰুত্ব দিম ৷ ইয়াৰ পিছতহে টাইমূৰে নিজৰ মতে কাম কৰিব পাৰিব। শিক্ষাৰ সন্দৰ্ভত কৰীনাই চৈইফ আলি খানৰ পৰিয়ালৰ সন্দৰ্ভত কয় যে,চেইফৰ পৰিয়াল তথা বন্ধু বৰ্গ শিক্ষা দীক্ষাত অত্যন্ত আগবঢ়া ৷বেছি ভাগেই অক্সফৰ্ড,কেম্ব্ৰিজ আদিৰ দৰে প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে ৷ চৈইফ আলি খানে শিক্ষা দীক্ষাত অধিক গুৰুত্ব দিয়ে ৷ কাৰণ সাৰা আৰু ইব্ৰাহীমৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ৷ সম্প্ৰতি,টাইমূৰৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব চেইফে ৷ লগত কৰীনাই কয় যে,মই এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছো যিটো পৰিয়ালত অভিনয়ক অধিক গুৰুত্ব দিয়ে ৷ সম্প্ৰতি মই বুজি পাইছো যে,অভিনয়,নৃত্যৰ বাহিৰেও জীৱনত আৰু বহুত পৰ্যায় আছে ৷

আনহাতে মই এতিয়াও অধিক ভ্ৰমণ কৰোঁ ৷ বিভিন্ন জনসাধাৰণৰ লগত মই কৰ্থা বাৰ্তা হয়৷আৰু বহুত নতুন কথা শিকোঁ ৷গতিকে মই বিচাৰোঁ যে টাইমূৰেও বহুত কথা শিকক । এই মন্তব্য কৰীণা কাপুৰ খানৰ ৷উল্লেখ্য যে,কৰীনা কাপুৰ খান আৰু চেইফ আলি খানে দক্ষিণ আফ্ৰিকাক টাইমুৰ আলি খানৰ দুবছৰীয়া জন্মদিন ২০ ডিচেম্বৰত উদযাপন কৰি ভাৰতলৈ উভতিল৷ অন্যহাতে,কৰীনা কাপুৰ খানৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত কাপুৰ পৰিয়ালৰ ৷ কাপুৰ পৰিয়াল প্ৰধানকৈ বিখ্যাত অভিনয় ক্ষেত্ৰখনত আগবঢ়োৱা অন্যবদ্য অৱদানৰ কাৰণে ৷ কৰীণাৰ পিতৃৰ নাম হৈছে ৰণধীৰ কাপুৰ আৰু মাতৃৰ নাম হৈছে ববিতা ৷ কৰীনাৰ মন্তব্য অনুসৰি "কৰীনা"ৰ প্ৰথম নামটো "এন্না কৰেনিনা" নামৰ এখন আলোচনীৰ পৰা লোৱা ৷ কৰীনাৰ ককাৰ নাম হৈছে প্ৰসিদ্ধ অভিনেতা তথা ছবি নিৰ্মাতা ৰাজ কাপুৰ ৷ আৰু আজো ককাৰ নাম হৈছে পৃথ্বীৰাজ কাপুৰ৷

লগতে পৰিয়ালৰ লগতে কৰীনাৰ বন্ধু বান্ধৱে কৰীনাক মৰমতে বেবো বুলি মাতে ৷ আনহাতে জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ ভগ্নী কৰীনা কাপুৰৰ পিতৃয়ে বিচাৰিছিল যে,কৰীনাই ভাৰতীয় পৰম্পৰা আনুসৰি বিবাহ পাশত আৱদ্ধ হওক ৷ কিন্ত কাপুৰ পৰিয়ালৰ ফিল্মী বেব’ অৰ্থাৎ কৰীনাই অভিনয় জগতত যি জনপ্ৰিয়তা অৰ্জন কৰিলে সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷কৰীনাই শিক্ষা আৰম্ভ কৰিছিল মুম্বাইৰ জমানাবাই নাৰ্ছী বিদ্যালয়ৰ পৰা ৷ইয়াৰ পিছত ডেৰাডুন ৱেলহম গাৰ্লছ ৱোৰ্ডিং স্কুলত শিক্ষা গ্ৰহন কৰে ৷ইয়াৰ পিছত মীঠীবাই কলেজ , ৱিৰ্লে পাৰ্লেত দুবছৰ বাণিজ্য শাখাত শিক্ষা লাভ কৰাৰ পিছত কৰীণাই হাৰ্বাড বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰ’ কম্পিউটাৰৰ তিনিমহীয়া গ্ৰীষ্মকালীন কোৰ্চ লয় ৷

ইয়াৰ পিছত কৰীনাই চৰ্চগেট স্থিত চৰকাৰী ল’ কলেজত নামভৰ্তি কৰে যদিও এবছৰৰ পিছত কৰীণাৰ মন অভিনয়ৰ দিশে ঢাল খাই আৰু কৰীনাৰ সম্পূৰ্ণভাৱে ছবিত মনোনিবেশ কৰে ৷ কিন্তু সম্পত্তি কৰীনা অনুভৱ কৰে যে কৰীনা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব লাগিছিল ৷ প্ৰকৃতাৰ্থত কেৱল কৰীনা কাপুৰ খান কিয় আমাক সকলোকে শিক্ষা অত্যন্ত প্ৰয়োজন৷ শিক্ষাই এটা পৰিয়াল,এখন দেশ আগুৱাই যোৱাত যথেষ্ট সহায় কৰে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com