সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত অভিনয় কৰিবলৈ উৎসুক বলীউডৰ এই গৰাকী অভিনেত্ৰী

সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত অভিনয় কৰিবলৈ উৎসুক বলীউডৰ এই গৰাকী অভিনেত্ৰী

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে সম্প্ৰতি উৎসুক প্ৰকাশ কৰিছে ইনচে আল্লাহ ছবিত অভিনয় কৰাৰ কাৰণে ৷ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ইনচে আল্লাত অভিনয় কাৰণে উৎসাহী আলিয়া ভাট্ট ৷ ইনচে আল্লাহত আলিয়া ভাট্টৰ লগত অভিনয় কৰিব বলীউডৰ ভাইজান ছলমান খানে। উল্লেখ্য যে প্ৰথম বাৰৰ কাৰণে সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত অভিনয় কৰিব আলিয়া ভাট্টে ৷ল’ৰালি কালৰ এটি মুহুৰ্তক স্মৰণ কৰি আলিয়া ভাট্টে কয় যে মই সঞ্জয় লীলা ভাঞ্চালীৰ অফিচলৈ সৰুতে আহিছো ৷ আৰু মোৰ সপোন আছিল যে মই সঞ্জয় লীলা ভাঞ্চালীৰ লগত কাম কৰোঁ ৷আৰু মোৰ সপোন সম্প্ৰতি বাস্তৱত ৰূপায়িত হৈছে ৷ কাৰণ মই সঞ্জয় লীলা ভাঞ্চালী আৰু ছলমান খানৰ সৈতে অভিনয় কৰিবলৈ পাইছো।

উল্লেখ্য যে,শেহতীয়াকৈ আলিয়া ভাট্টৰ ছবি কলংকে মুক্তি লাভ কৰিছে ৷ কলংক ছবিৰ মুক্তিৰ প্ৰথম দিনাৰ পিছত বিগত পাঁচদিনত ছবিখনৰ উপাৰ্জনৰ সীমিত হৈ আহে। কলংক ছবিখনৰ নিৰাশাজনক উপাৰ্জনৰ সন্দৰ্ভত অভিনেত্ৰী আলিয়া ভাট্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অভিনেত্ৰী আলিয়া ভাট্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কলংক ছবিখনে অভিনেত্ৰী গৰাকীক কঠোৰ পৰিশ্ৰম কৰিবলৈ উদগনি দিছে ৷ যাতে অনাগত দিনত দৰ্শক,সমালোচক সকলোকে সুখী কৰিব পাৰে ৷ লগতে সকলো দিন একেই নহয় বুলিও কয় অভিনেত্ৰী আলিয়া ভাট্টে ৷

অন্যহাতে কলংক ছবিখন ১৯৪০ চনৰ এটি পিৰিয়ড ড্ৰামা ৷ছবিখনত ছটা চৰিত্ৰৰ প্ৰেম,বিবাহ,ঘৃণা, প্ৰত্যাহ্বান আৰু পৰিয়াল কেন্দ্ৰিক এখন মনপৰশা নাটক দেখুওৱা হৈছে ৷ ইফালে ছবিখনত সুন্দৰ অভিনয়,আকৰ্ষনীয় নৃত্য,মনপৰশা অভিনয়, উন্নত তথা জীৱন্ত দৃশ্যসজ্জাই আকৰ্ষণ কৰিছে সকলো চলচ্চিত্ৰ প্ৰেমীক।

অন্যহাতে,বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷ উল্লেখ্য যে অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে একেলগে অভিনয় কৰিছে ব্ৰহ্মাস্ত ছবিখনত ৷ ছবিখন মুক্তি পাব চলিত বৰ্ষৰ ২০ ডিচেম্বৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com