সৰু পৰ্দাৰ ধাৰাবাহিকত ভাৰত ছবিৰ প্ৰমোশ্যনৰ কাৰণে উপস্থিত ছলমান খান

সৰু পৰ্দাৰ ধাৰাবাহিকত ভাৰত ছবিৰ প্ৰমোশ্যনৰ কাৰণে উপস্থিত ছলমান খান

সৰু পৰ্দাৰ এখন জনপ্ৰিয় ধাৰাবাহিক ভাবীজী ঘৰ পৰ হ্যেত প্ৰমোশ্যনৰ কাৰণে উপস্থিত হ’ল ভাৰত ছবিৰ কলা কুশলী ৷ ভাৰত ছবি অভিনেতা ছলমান খানৰ লগত ভাল সম্পৰ্ক আছে ভাবীজী ঘৰ পৰ হ্যেৰ অভিনেতা আচিফ শেখৰ ।

কৰণ অৰ্জুণ,প্যাৰ ক্যিয়া তো ডৰনা ক্যিয়া,চাদী কৰকে ফচ গয়ে য়াৰ,দিল নে জিচে অপনা কাহা আদি ছবিত আচিফ শেখে অভিনয় কৰাৰ পিছত অভিনেতা গৰাকীক সম্প্ৰতি দেখিবলৈ পোৱা যাব ভাৰত ছবিত ৷ ভাৰত ছবিখনত আচিফ শেখে ছলমান খানৰ ভগ্নীৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে এলাহাবাদ অৰ্থাৎ প্ৰয়োগৰাজত অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে ৷

ছলমান খানৰ লগত আচিফ শেখৰ ভাল সম্পৰ্ক আছে। ইয়াৰ কাৰণে আচিফ শেখৰ মন্তব্য অনুসৰিয়েই ছলমান খানে ভাবীজী ঘৰ পৰ হ্যেত ভাৰত ছবি প্ৰমোশ্যনৰ কাৰণে উপস্থিত হয় ৷ এই সন্দৰ্ভত আছিফে কয় যে মই ছলমান খানৰ লগত প্ৰায় ৬-৭ খন ছবিত অভিনয় কৰিছোঁ ৷

ভাৰত ছবিত কাম কৰাৰ সময়ত মোক ছলমান খানে কৈছিল যে অন্য ধাৰাবাহিকত নগলেও আমাৰ ধাৰাবাহিক খনলৈ আহিব বিচাৰে অভিনেতা গৰাকী ৷ সীমিত সময়ৰ কাৰণে ছলমান খান ভাবীজী ঘৰ পৰ হ্যেত উপস্থিত হয় আৰু ধাৰাবাহিকখনৰ কাৰণে দৃশ্য গ্ৰহণ কৰে ৷ ভাৰত ছবিখন অলবিৰা খানৰ স্বামী অতুল অগ্নিহোত্ৰীয়ে পৰিচালনা কৰিছে ৷

শেহতীয়াকৈ চ’নী টিভিৰ দ্য কপিল শৰ্মা শ্ব’ অনুষ্ঠানটিত ভাৰত ছবিৰ প্ৰমোশ্যনৰ কাৰণে উপস্থিত হয় কেটৰীনা কাইফ আৰু ছলমান খান ৷ অনুষ্ঠানটিত ছলমান খান আৰু কেটৰীনা কাইফৰ সৈতে বিভিন্ন ধৰণৰ মত বিনিময় কৰে কপিল শৰ্মাই ।

অনুষ্ঠানটিত ছলমান খানে বন্ধ লিফ্টৰ ফ’বিয়া থকাৰ কথা উল্লেখ কৰে ৷ এই সময়তে কেটৰীনা কাইফে পইতাঁচোৰা আৰু মকৰালৈ ভয় থকাৰ কথা উল্লেখ কৰে ৷ ইফালে অনুষ্ঠানটোত কপিল শৰ্মাই বিভিন্ন প্ৰশ্ন কৰি এক হাস্য ধৰ্মী পৰিবেশৰ সৃষ্টি কৰে ৷

কেটৰীনা আৰু ছলমানৰ লগত বিভিন্ন খেল খেলে কপিল শৰ্মাই ৷ আৰু কেটৰীনাৰ জনপ্ৰিয় চিকনী চামেলী গীতটিত নৃত্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে ছলমান খান আৰু কেটৰীনা কাইফৰ সম্পৰ্কই সততে চৰ্চা লাভ কৰি থাকে ৷

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি ভাৰত”ৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা শেহতীয়া চলমান খানৰ এখন ফ’টো শ্বেয়াৰ কৰিছে অতুল অগ্নিহোত্ৰীয়ে। ফ’টো খনত ছলমান খানক বগা কুৰ্তা পায়জামা পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে ৷সম্প্ৰতি ভাৰত ছবিৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা বিভিন্ন ফ’টো আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত উৎসুকতা প্ৰকাশ কৰিছে । ভাৰত ছবিত ছলমান খানৰ বিভিন্ন প’ষ্টাৰৰ পিছত শেহতীয়াকৈ অনুৰাগী সকলৰ মাজলৈ আহিছে ভাৰত ছবিৰ ট্ৰেইলৰ ৷ ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফৰ লুকে বিশেষকৈ চৰ্চা লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com