সৰু পৰ্দাৰ ষ্টাৰ সকলৰ এক বৃহৎ প্ৰত্যাহ্বান চুক্তিপত্ৰ

সৰু পৰ্দাৰ ষ্টাৰ সকলৰ এক বৃহৎ প্ৰত্যাহ্বান চুক্তিপত্ৰ

আপুনি জানেনে সৰু পৰ্দাৰ অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে এটা সময়ত এটা বা দুটি পৃষ্ঠাৰ কনট্ৰেক্ট আছিল। কিন্তু সম্প্ৰতি টেলীভিশ্যন জগতৰ অভিনেতা অভিনেত্ৰী সকলে ১৫ ৰ পৰা ২০ পৃষ্টাৰ কনট্ৰেক্টত চহী কৰিব লাগে । কিন্তু এই কনট্ৰেক্টসমূহত থাকে কি?এই কনট্ৰেক সমূহত থাকে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত নপৰা,টাইমত অহা,লগতে পাৰিশ্ৰমিক সম্বন্ধীয় কিছুমান চুক্তি ৷

লগতে থাকে ওজন বৃদ্ধি নকৰা,ৰোমান্টিক সম্পৰ্কৰ পৰা দূৰত থকা,লুক পৰিৱৰ্তন নকৰা,এখন ধাৰাবাহিকত অভিনয় কৰোঁতে অন্য এখন ধাৰাবাহিকলৈ নোযোৱা,১২ ঘন্টা কাম কৰাৰ বিপৰীতে সময়মতে অহাৰ আৰু সময়মতে নাহিলে পাৰিশ্ৰমিক কটা আদিৰ লগতে কামলৈ নাহিলে সেই সম্পৰ্কে পেনাল্টীক জনোৱা আদি বিভিন্ন নীতি নিয়ম সন্নিবিষ্ট থাকে কনট্ৰেকখনত ৷ আহক জানো সৰু পৰ্দাৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে এই কনট্ৰেকখনৰ বিষয়ে কি মন্তব্য প্ৰদান কৰে ৷

সৰু পৰ্দাৰ অভিনেত্ৰী ইশ্বিতা দত্তই কয় যে মোৰ কনট্ৰেকখনত লুক পৰিৱৰ্তন কৰিব নোৱাৰাৰ দৰে বিষয় উল্লেখ আছিল ৷কাৰণ এগৰাকী অভিনেত্ৰীৰ লুক পৰিৱৰ্তন হ’ল নিৰ্মাতা প্ৰযোজক পৰিচালকসকলৰ অসুবিধা হয়। কনট্ৰেকত থকা কিছুমান বিষয় উল্লেখ যোগ্য নহয় বুলিও কয় অভিনেত্ৰী ইশ্বিতা দত্তই ৷ লগতে ৰিস্তো কে চৌদাগৰঃ বাজীগৰৰ দৃশ্যগ্ৰহণৰ সময়ৰ কথা স্মৰণ কৰি কয় যে মোৰ কনট্ৰেকত সহ অভিনেতাৰ লগত কেতিয়াও ৰোমান্টিক সম্পৰ্কত অৰ্থাৎ প্ৰেম কৰিব নোৱাৰাটোও উল্লেখ আছিল ৷

অৱশ্যে প্ৰডাকশ্যন হাউছে এই প্ৰসংগত পূৰ্বতে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে এনেধৰণৰ কনট্ৰেক প্ৰস্তুত কৰে ৷ ইয়াৰ পিছতে বস্তল সেঠ আৰু ইশ্বিতা দত্তই কনট্ৰেকত চাইন কৰে ৷ কিন্তু ঘটনাক্ৰমে দুই বছৰৰ পিছতে ইশ্বিতা আৰু বস্তল সেঠ বিবাহ পাশত আৱদ্ধ হয় ।

সৃষ্টি জৈনে কনট্ৰেক খনৰ সন্দৰ্ভত কয় যে আমাৰ কনট্ৰেকখন পঢ়িবলৈ ভয় লগা হয়। কনট্ৰেকখন প্ৰায় ১৫ পৃষ্ঠাৰ হ’ব ৷ যদি ষ্টান্ট কৰাৰ সময়ত অভিনেতা অভিনেত্ৰীয়ে আঘাত পায় তেন্তে আমি দোষী নহয়,যদি সময় মতে শ্বুটিং স্থলীত উপস্থিত নহয় তেন্তে পইচা কটা যাব,যদি আমাৰ লগত কোনো কাৰণত দৃশ্যগ্ৰহণ কৰিব নোৱাৰা তেন্তে পেনালটি ভৰিব লাগিব এই ধৰণৰ কথাৰে ভৰপূৰ হয় কনট্ৰেক খন ৷ লগতে সৃষ্টি জৈনে কয় যে যিমান ভয়ংকৰ কনট্ৰেক প্ৰডাকশ্যনৰ লগত হয় । সিমানেই ভয়ংকৰ কনট্ৰেক প্ৰডাকশ্যনৰ চেনেলৰ লগত হয় ৷

গতিকে অভিনেত্ৰী সৃষ্টি জৈন বিছাৰে যে কনট্ৰেক খন পৰিৱৰ্তন হওঁক । কাৰণ কনট্ৰেক এখনৰ ওপৰত থাকে মানবীয়তা ৷ ইফালে ১২ ঘন্টা কাম কৰাৰ প্ৰসংগত সৃষ্টিয়ে কয় যে ১২ ঘন্টা কাম কৰাৰ পিছত আমি সেই নিৰ্দিষ্ট চৰিত্ৰটো হৈ যাওঁ ৷আমি আমাৰ পৰিয়াল,বন্ধু,বান্ধৱী কাকো সময় দিব নোৱাৰো ৷ কনট্ৰেকৰ সন্দৰ্ভত অভিনেতা ৰবি ডুবেই কয় যে কনট্ৰেকত সহ অভিনেত্ৰীৰ লগত প্ৰেম কৰিব নোৱাৰা ধৰণৰ বিষয়ত মই সন্মুখীন হোৱা নাই যদিও এই কথাটো হাস্যজনক ৷ কাৰণ ময়ো মোৰ পত্নী সৰগুন মেহতাৰ লগত এখন ধাৰাবাহিকতে প্ৰেম আৰম্ভ হৈছিল ৷

গতিকে মই আজিলৈকে বুজি নাপালো যে কনট্ৰেকত কেনেদৰে কাৰোবাৰ প্ৰেমত প্ৰতিবন্দকতা লগাব পাৰে ৷ অভিনেত্ৰী সীমা ৰাথোৰে কয় যে এখন ধাৰাবাহিকত অভিনয় কৰি থাকোঁতে এজন অভিনেতাই কেনেদৰে দ্বিতীয় এখন ধাৰাবাহিকত চুক্তিবদ্ধ হ’ব নোৱাৰে ৷কাৰণ এগৰাকী অভিনেতা উৰন্ত পক্ষীৰ দৰে ৷ মই ভাবিজী ঘৰ পৰ হ্যে আৰু জীজাজী চত পৰ হ্যে দুয়োখন ধাৰাবাহিকত কাম কৰি আছো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com