সৰু পৰ্দাৰ ৰিমেক ধাৰাবাহিকসমূহে আকৰ্ষণ কৰেনে আপোনাক ? এই সন্দৰ্ভত কি কয় চেলীব্ৰেটীসকলে?

সৰু পৰ্দাৰ ৰিমেক ধাৰাবাহিকসমূহে আকৰ্ষণ কৰেনে আপোনাক ? এই সন্দৰ্ভত কি কয় চেলীব্ৰেটীসকলে?

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক সমূহৰ ৰীমেকে সম্প্ৰতি দৰ্শকৰ মৰম তথা আদৰ বুটলিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু সেই একেই ধাৰাবাহিকসমূহৰ প্ৰথম ধাৰাবাহিকৰ খণ্ডই যিদৰে আকৰ্ষণ কৰিছিল ৷সম্প্ৰতি কিন্তু তাৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে ৷বিগত বৰ্ষত একতা কাপুৰে "ক’ছোটি জিন্দেগী কী"ধাৰাবাহিক খনৰ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু অনুৰাগীয়ে যথেষ্ট উৎসুক হৈ পৰিছিল ৷ ধাৰাবাহিক খনৰ নতুন খণ্ডসমূহ অত্যন্ত সফল ভাৱে আগবাঢ়ি গৈছিল ৷কিন্তু কিছু সময়ৰ পিছত দৰ্শকক আকৰ্ষণ কৰিবলৈ এৰি দিলে এই ধাৰাবাহিকখনে ৷টিআৰপি তালিকাৰ পৰাও এই ধাৰাবাহিকখন দিনক দিনে স্থান কমি আহিল ৷ সৰ্বশেষত ধাৰাবাহিকখনে দৰ্শকসকলক পুৰণি খণ্ড সমূহক স্মৰণ কৰাত ব্যৰ্থ হয় । অন্যহাতে,ক’ছোটি জিন্দেগী কীৰ পৰিচালক একতা কাপুৰৰ ভাষ্য অনুসৰি যদি ধাৰাবাহিকখনে টীআৰপিত শীৰ্ষস্থান দখল কৰিব নোৱাৰে তেন্তে অনতি পলমে ধাৰাবাহিক খনৰ অন্ত পৰিব ৷ইফালে ক’ছোটি জিন্দেগী কী উপৰিও দৰ্শকে আদৰি নোলোৱা ৰিমেক সমূহ হৈছে খীছৰি,হম পাঁচ,শ্ৰীমান শ্ৰীমতী,দছ কা দম,আদি ৷

সাৰা ভাই,খিছৰীৰ দৰে ৰিমেক কৰা পৰিচালক জেডি মজীঠিয়াই কয় যে বহু বছৰৰ পিছত কোনো এখন ধাৰাবাহিকক পুনৰ নিৰ্মাণ কৰাটো উচিত নহয় ৷কিছু সংখ্যক লোকে মোক কয় যে সাৰা ভাই,খিছৰী দৰে ধাৰাবাহিক পুনৰ নিৰ্মাণ কৰিব লাগে কিন্তু সেই সমূহ লোকেই সেই ধাৰাবাহিকসমূহ নাচায়। সংক্ষেপতে আমাৰ ৯০ দশকৰ দৰে সম্প্ৰতি দৰ্শক নাই ৷সেই সময়ত অনুৰাগীৰ লগত সীমিত পৰিমাণৰ বিষয় আছিল ৷ কিন্তু এতিয়া নাই ৷সাৰাভাইৰ দুয়োটা ৰিমেকত কাম কৰা অভিনেত্ৰী ৰূপা গাংগুলীয়ে কয় যে চেনেলে এই কম্পিটীশ্যনত সময় খৰচ নকৰে ৷সম্প্ৰতি এখন ধাৰাবাহিকৰ ভৱিষ্যত নম্বৰে তৈয়াৰ কৰে ৷ সাৰাভাইৰ প্ৰথমতে ইমান ভাল নাছিল যদিও পিছত ভাল ফলাফল দেখায় ৷

২০১৭ চনত একতা কাপুৰৰ হম পাঁচ আৰম্ভ হৈছিল ৷কিন্তু দুৰ্ভাগ্যপূৰ্ণ ভাৱে এই ধাৰাবাহিকখন এবছৰৰ পিছত বন্ধ হৈ যায় ৷ ধাৰাবাহিকখনৰ অভিনেত্ৰী জয়শ্ৰী ভেংকটাৰৰমন কয় যে মই ধাৰাবাহিকখনৰ পৰা বহুত আশা কৰিছিলোঁ ৷কিন্তু মোৰ সিমান গুৰুত্ব লাভ নকৰিলোঁ ৷চেনেলে মোৰ চৰিত্ৰটোক প্ৰমোশ্যন নকৰিলে ৷আৰু সীমিত সময়ৰ ভিতৰত ধাৰাবাহিকখন বন্ধ হৈ গ’ল ৷ ইফালে পূৰ্বৰ কছ’টী জিন্দেগী কীৰ। অভিনেতা চীজেন খানে কয় যে সচাঁ কথা ক’বলৈ গ’লে সম্প্ৰতি মই নিজেই টিভি নাচাওঁ ৷কাৰণ মই অনুষ্ঠানসমূহৰ লগত নিজক সংযোগ কৰিব নোৱাৰোঁ ৷ আমাৰ সময়ত অনুৰাগীৰ ওচৰত দুটা বিষয় আছিল টিভি আৰু ফিল্ম ৷ কিন্তু সম্প্ৰতি ডিজিটেল প্লেটফ’ৰ্ম অহাৰ পিছত জনসাধাৰণৰ ওচৰত বহুত বিষয় আহিল ৷ তেওঁলোকে আজি আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ে ৷

সম্প্ৰতি ষ্টাৰ প্লাছত সম্প্ৰচাৰিত ক’ছোটি জিন্দেগী কী ধাৰাবাহিকখন আছে চৰ্চাৰ শীৰ্ষত ৷ ধাৰাবাহিক খনত হিনা খান অৰ্থাৎ কম’লিকাৰ ব্ৰাইডেল লুকে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ সুন্দৰী হিনা খানৰ ষ্টাইলিছ লুকে সততে সকলোকে আকৰ্ষণ কৰে ৷ব্যতিক্ৰম নহয় কম’লিকা চৰিত্ৰটোও। কম’লিকা পোচাক,হিনাৰ মোহনীয় ৰূপ,আকৰ্ষণ মেকআপ তথা অভিনয়ে সকলোকে আকৃষ্ট কৰিছে হিনা খানে ৷ উল্লেখ্য যে,সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছৰ পিছত “কছোটি জিন্দেগী কী”ত দেখা গৈছে হিনা খানক।”কছোটী জিন্দেগী কী”ধাৰাবাহিক খনত হিনাৰ লগতে অভিনয় কৰিছে পাৰ্থ চামথান আৰু এৰিকা ফাণাণ্ডেজে ৷পাৰ্থ ছামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু এৰিকা ফাণাণ্ডেজে প্ৰেৰণা বাসুৰ চৰিত্ৰত অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com