হিনা খানে প্ৰকাশ কৰিলে প্ৰথম দিনৰ 'কমলিকা'ৰ লুক

হিনা খানে প্ৰকাশ কৰিলে প্ৰথম দিনৰ 'কমলিকা'ৰ লুক
Published on

ষ্টাৰ প্লাছৰ বৰ্তমানত জনপ্ৰিয় ধাৰাবাহিক 'কছতী জিন্দেগী কী'য়ে ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । পুনৰ বাৰ একে কাহিনী লগতে একে চৰিত্ৰৰে নিৰ্মান কৰা ধাৰাবাহিক খন বহুকেইটা খণ্ড সম্পূৰ্ন হৈ গৈছে । ধাৰাবাহিক খনৰ মুল চৰিত্ৰত অভিনয় কৰিছে ইৰিকা ওৰফে প্ৰেৰনা,পাৰ্থ ওৰফে অনুৰাগ বাসু । পূৰ্বৰ দৰে ধাৰাবাহিক খনত এইবাৰো ভিলেন চৰিত্ৰ "কমলিকা" হিচাপে অভিনয় কৰিব হিনা খানে । প্ৰথমৰ কছতীত ভিলেন তথা কমলিকা চৰিত্ৰত অভিনয় কৰিছিল ঊৰ্বশী ধোলকিয়াই ,ঊৰ্বশীৰ পিছত এইবাৰৰ কাছতীত অভিনয় কৰা হিনাই চৰিত্ৰটি কিমান দূৰ সফলতাৰে আগবঢ়াব পাৰিব সেয়া এক লক্ষ্যনীয় বিষয় হ'ব । ধাৰাবাহিক খনত হিনা খানৰ শ্বুট্যিং তথা অভিনয়ৰ প্ৰথম দিনৰ ফটো ইনষ্টাৰ জৰিয়তে প্ৰকাশ কৰিছে ।তলত ফটো প্ৰকাশ কৰা হ'ল……………

https://www.instagram.com/p/BpZeEg3h545/?taken-by=realhinakhan

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com