হেপী বাৰ্থ ডে আমিৰ খান

হেপী বাৰ্থ ডে আমিৰ খান
Published on

আজি বলীউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খানৰ জন্ম দিনৰ ৷১৯৬৫ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্ম গ্ৰহণ কৰিছিল আমিৰ খানে৷ পিতৃ তাহিৰ হুছেইন আছিল এগৰাকী ছবি নিৰ্মাতা ৷মাতৃৰ নাম জীনত হুছেইন ৷আমিৰ খানৰ পৰিয়ালটি ছবিৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। খানৰ পিতৃ তাহিৰ হুছেইন এজন নিৰ্দেশক হোৱাৰ লগতে খুড়াক নাচিৰ হুচেইন এজন ছবি নিৰ্মাতাৰ লগতে আছিল এজন নিৰ্দেশক ৷গতিকে আমিৰ খানৰ তেজত আছিল অভিনয় জগতৰ সকলো গুণ । আমিৰ খান এজন সফল অভিনেতা হোৱাৰ লগতে নিৰ্মাতা,নিৰ্দেশক,গায়ক,লিখক আৰু আমিৰ খান প্ৰডাকশ্যনৰ স্থাপক ।

আমিৰ খানৰ খুড়াক নাচিৰ হুচেইনৰ ১৯৭৩ চনত য়াদো কী বাৰাত নামৰ ছবিখনৰ জৰিয়তে বলীউডত শিশু শিল্পী ৰূপে খোজ পেলাই। ইয়াৰ পিছত ১১ বছৰৰ পিছত আমিৰ খানে ১৯৮৪ চনত হ’লীত অভিনয় কৰে ৷ আমিৰ খানে কয়ামত সে কয়ামত তক ছবিত কৰা অনবৈদ্য অভিনয়ৰ কাৰণে ফিল্মফেয়াৰৰ সৰ্বশ্ৰেষ্ঠ নবাগত অভিনেতাৰ পুৰস্কাৰ লাভ কৰে। ১৯৯৬ চনত মুক্তি লাভ কৰা ৰাজা হিন্দস্তানী ছবিখনৰ কাৰণে ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা পুৰস্কাৰ লাভ কৰে ৷ৰাজা হিন্দুস্তানী হ’ল আমিৰ খানৰ ব্যৱসায়িক সফলতা লাভ কৰা এখন ছবি ৷

আমিৰ খানে ২০০১ চনত মুক্তি লাভ কৰা লগান ছবিখনে বহু পুৰস্কাৰ লাভ কৰে ৷ আৰু লগান ছবিখন অকাডেমী পুৰস্কাৰৰ কাৰণেও নামাংকৃত কৰা হৈছিল। ২০০৫ চনত কেতন মেহতাৰ ছবি দ্য ৰাইজিঙৰ দ্বাৰা আকৌ বলীউডলৈ যাত্ৰা কৰে আমিৰ খানে ৷ নিৰ্দেশকৰ ৰূপত তাৰে জমীন পৰ ছবি খনৰ কাৰণে আমিৰ খানে সৰ্বশ্ৰেষ্ঠ ফিল্ম ফেয়াৰ নিৰ্দেশকৰ পুৰস্কাৰ লাভ কৰে ৷ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আমিৰ খানে প্ৰথমতে ৰীনা দওৰ লগত বিবাহ পাশত আৱদ্ধ হয় ।আমিৰৰ অভিভাৱক সকল এই বিবাহত সুখী নাছিল ৷ কাৰণ ৰীনা দত্ত মুছলিম নাছিল ৷

ইয়াৰ পিছত কেইবা বছৰৰ পিছত আমিৰ খানৰ বিবাহ বিচ্ছেদ হয় ৰীনা দত্তৰ লগত ৷ ২০০৫ চনত আশুতোষ গোৱিংকাৰৰ ছবি লগানৰ সহ নিৰ্দেশিকা কিৰণ ৰাওৰ লগত বিবাহ হয় আমিৰ খানৰ। আমিৰ খানৰ প্ৰথমা পত্নী ৰীনা দত্তৰ দুই সন্তান জুনেদ আৰু ইৰা সংবাদ মাধ্যমৰ লগতে বলীউডৰ পৰা বহু সম্প্ৰতি দূৰত থাকে ৷আনহাতে বলীউডৰ অভিনেতা আমিৰ খান সততে ভাৰতীয় ছবিৰ পুৰস্কাৰ দিয়া অনুষ্ঠানসমূহৰ পৰা দূৰত থাকে ৷ লণ্ডনত আমিৰ খানৰ মেডাম তুসাড মূৰ্তি নিৰ্মাণৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। কিন্তু আমিৰ খানে এই নিমন্ত্ৰণ প্ৰত্যাখান কৰে আৰু কয় যে মোক এনেধৰণৰ খ্যাতি নালাগে ৷মোক যদি অনুৰাগীয়ে চাব বিচাৰে তেন্তে মোৰ ছবি সমূহ চাওঁক।

আমিৰ খানৰ ছবিসমূহৰ ভিতৰত আছে য়াদো কী বাৰতা,মদহোশ,হ’লী, কয়ামত সে কয়ামত তক,ৰাখ,লভ লভ লভ,তুম মেৰে হো,দিল,দিল হ্যে কী মানতা হী নেহী,জো জীতা ৱহী ছিকন্দৰ, হম হ্যে ৰহী প্যাৰ কী,আন্দাজ অপনা অপনা,বাজী,ৰাজা হিন্দস্তানী,ইস্ক,গোলাম,লগান,দিল চাহতা হ্যে,ফনা,তাৰে জমীন পৰ,গজনী,থ্ৰী ইডিয়ডছ,তালাশ,ধুম ৩,পীকে,দিল ধৰকনে,দংগল আদি ৷আমিৰ খানে কণ্ঠদান কৰা গীত সমূহৰ ভিতৰত আছে গুলাম ছবি খনৰ আতী ক্যায়া খাণ্ডালা,মেলাৰ ২০০০ জমানা আ গয়া,ফনাৰ চন্দা চমকে আৰু মেৰে হাথ মে,তাৰে জমীন পৰ বম বম বোলে আদি ৷

এগৰাকী নিৰ্দেশক,নিৰ্মাতা,লিখকৰ ৰূপত বিশেষ ভাৱে প্ৰসিদ্ধ ৷আমিৰ খানে আমাৰ সমাজ খনত প্ৰচলিত কুসংস্কাৰ সমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিছে ৷ আমিৰ খানৰ সত্যমেৱ জয়তে নামৰ অনুষ্ঠানটিৰ জৰিয়তে সমাজত প্ৰচলিত বিভিন কু্সংস্কাৰ সমূহ উদঙাই ,সেই কু সংস্কাৰ সমূহৰ বিৰুদ্ধে জনসাধাৰণৰ যুজঁ দিবলৈ অনুপ্ৰেৰণা দিছে ৷ গতিকে বলীউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খানৰ জন্মদিন উপলক্ষে অভিনেতাজনলৈ বহুত শুভেচ্চা জনাইছে অনুৰাগীয়ে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com