২০১৮ বৰ্ষৰ বলীউডৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ তালিকাত আয়ুষ্মান খোৰানাৰ দুখনকৈ ছবি

২০১৮ বৰ্ষৰ বলীউডৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ তালিকাত আয়ুষ্মান খোৰানাৰ দুখনকৈ ছবি
Published on

২০১৮ বৰ্ষটো গায়ক তথা অভিনেতা আয়ুষ্মান খুৰানাৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ আয়ুষ্মানৰ ছবি "ৱাধাই হো" ৰ সফলতাই চৰ্চা লাভ কৰিছিল সকলোৰে মাজত ৷ ইয়াৰ পিছতে আন এখন ছবি "অন্ধাধুনে"চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সফলতা লাভ কৰিছে ৷ অন্ধাধুনত অভিনয় কৰিছিল আয়ুষ্মান খোৰানা আৰু জনপ্ৰিয় অভিনেত্ৰী টাবুয়ে ৷ ইয়াৰ বিপৰীতে আয়ুষ্মান খোৰানাৰে আন এখন ছবি "ৱাধাই হো"ৱে এই বৰ্ষৰ শ্ৰেষ্ঠ ছবিসমূহৰ তালিকাত আছে পাঁছ নম্বৰ স্থানত৷ গতিকে আয়ুষ্মান খোৰানাৰ কাৰণে এই বৰ্ষটো হৈছে যথেষ্ট উল্লেখযোগ্য ৷ চলিত বৰ্ষত সৰ্ব শ্ৰেষ্ঠ ছবিসমূহ হৈছেঃ

অন্ধাধুন

তামিল ছবি ৰাতচচন

তামিল ছবি ৯৬

দ্বিভাষী ছবি মহানতি

ৱাধাই হো

পেড মেন

তেলেগু ছবি ৰংগস্থলম

স্ত্ৰী

ৰাজী

সঞ্জু

উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথম ১০ খন ছবিৰ তালিকাত ছুপাৰহিট তথা বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰা ২.০ ই স্থান লাভ কৰিবলৈ সক্ষম নহ’ল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com