ৰনৱীৰ দীপিকাৰ প্ৰথমটো গ্ৰেণ্ড পাৰ্টী

ৰনৱীৰ দীপিকাৰ প্ৰথমটো গ্ৰেণ্ড পাৰ্টী

বলীউডৰ সদ্য বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিয়াৰ প্ৰত্যেকটো মুহুৰ্ত চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগীসকলে ৷ কিন্তু অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই ৰনবীৰ-দীপিকাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে বিবাহৰ কেইখনমান ফ’টো। ৰণৱীৰ-দীপিকাৰ বিবাহৰ ফ’টো সমূহ সদ্যহতে ভাইৰেল হৈ পৰিছে অনুৰাগীসকলৰ মাজত ৷সিন্ধী আৰু দক্ষিণ ভাৰতীয় নীতি নিয়মেৰে হোৱা বিয়াখনত ৰনৱীৰ আৰু দীপিকাক অত্যন্ত ধুনীয়া দেখা গৈছে ৷ সিন্ধী আৰু দক্ষিন ভাৰতীয় সাজ পোছাকত ৰনৱীৰ আৰু দীপিকাক বিয়াৰ অন্যান্য লোকসকলৰ লগত আনন্দ,ফুৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে ৷

ইফালে দীপিকা ৰনৱীৰে পৰিধান কৰা পোচাকসমূহৰ বেচি ভাগেই জনপ্ৰিয় ডিজাইনাৰ সব্যসাচীৰ ৷ অন্যহাতে দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰণ্ড পাৰ্টী হ’ব বুধবাৰ অৰ্থাৎ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত হ’ব দীপকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টীৰ ৷ গতিকে, মংগলবাৰে বলীউডৰ নৱ দম্পতী দীপৱীৰ ৰাওনা হৈছে বেংগালুৰুলৈ ৷ বুধবাৰে হোৱা গ্ৰণ্ড পাৰ্টীটোৰ খাদ্য সম্ভাৰৰ ভিতৰত বেছিভাগ হ’ব দক্ষিন ভাৰতীয় ৷বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত থাকিব দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷

ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো হ’ব ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত থাকিব ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্যলোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷ ইফালে, যেতিয়া ৰনৱীৰ সিং আৰু দীপিকা পাডুকন মুম্বাই বিমানবন্দৰৰ পৰা বেংগালুৰুলৈ ৰাওনা হৈছিল সেই সময়ত ন কইনা দীপকাক বিমান বন্দৰত উপস্থিত থকা ফটোগ্ৰাফাৰসমূহে "ভাবীজী"বুলি কোৱাত ৷ দীপিকাই ফটোগ্ৰাফাৰসমূহক মিচিকীয়া হাঁহিৰে সম্ভাষন জনাইছিল ৷

এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, দীপিকা ৰনৱীৰৰ বিয়াৰ পিছত তেওঁলোকৰ যি কোনো বেণ্ডৰ মূল্য বাঢ়ি গৈছে ৷ জনপ্ৰিয় আলোচনী ফ’বছৰ মতে,দীপিকাৰ বাৰ্ষিক আয় হৈছে ১০২ কোটি টকা ৷ ৰনৱীৰৰ হৈছে ২২০ কোটি টকা ৷ উল্লেখ্য যে,১৪ আৰু ১৫ নৱেম্বৰত ইটালীৰ লেক ক’মোত হৈছিল বলীউডৰ বহু চৰ্চিত ৰনৱীৰ দীপিকাৰ বিয়াখন ৷ প্ৰায় ৭০০বছৰ পুৰণি এটা ভিলা হোৱাত বিয়াখনক লৈ উৎসুক হৈ পৰিছিল অনুৰাগীসকল ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com