ৰনৱীৰ সিঙৰ অভিনীত ৮৩ ৰ কাৰণে সাজু কলা কুশলীঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

ৰনৱীৰ সিঙৰ অভিনীত ৮৩ ৰ কাৰণে সাজু কলা কুশলীঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

ৰনৱীৰ সিঙৰ অভিনীত ৮৩ ছবিৰ দৃশ্যগ্ৰহণৰ কাৰণে ৰাওনা হৈছে ইউ কেলৈ ৷ ছবিখনৰ অফিচিয়েল টুইটাৰ হেন্দেলত কলাকুশলীসকলে এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে এই সময় খেলৰ সময় ৷ ৮৩ ৰ বন্ধুসকলৰ লগত যাত্ৰা আৰম্ভ কৰিব লাগিব ৷ ছবিখনৰ অফিচিয়েল টুইটাৰত দিয়া ফটোখনত কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিং,মদন লালৰ চৰিত্ৰত অভিনয় কৰা হাৰ্ডী সন্ধু আৰু মহিন্দাৰ অমৰনাথৰ চৰিত্ৰত অভিনয় কৰা চাকিব চালেমৰ লগত অন্যান্য সকলক দেখা গৈছে ৷

১৯৮৩ চনৰ ক্ৰিকেটৰ বিশ্ব কাপৰ আধাৰত নিৰ্মাণ কৰা ছবি খনত তাহিৰ ৰাজ ভসীনে সুনিল গাভাস্কাৰৰ চৰিত্ৰত,এমী ব্ৰিকে বলৱিন্দৰ চন্ধু, তামিল অভিনেতা জিৱা কৃষ্ণামচাৰী শ্ৰী কান্ত,চিৰাগ পাটিলে সন্দীপ পাটিল,চাহিল খট্টৰে চৈয়দ কিৰমাণীৰ ভূমিকাত অভিনয় কৰিছে ৷ কবীৰ খান ৮৩ ছবিখনত স্কটলেণ্ডত দৃশ্য গ্ৰহণৰ কাম আৰম্ভ হ’ব ৷

৮৩ ছবিখনক মধু মন্তেনা,বিষ্ণু ইন্দুৰী,কবীৰ খান আৰু চাজিদ নাডিয়াৱালাই প্ৰযোজনা কৰিছে ৷ অনাগত বৰ্ষৰ ১০ এপ্ৰিলত এই ছবিখন মুক্তি লাভ কৰিব ৷ ইফালে ছবি খনৰ মুক্তি লাভ কৰা তাৰিখ দুবাৰ পৰিৱৰ্তন কৰিছিল ৷ ইফালে ৰনৱীৰ সিঙে যশৰাজ ফিল্মৰ অন্য এখন ছবিৰ কাৰণে সাজু হৈছে ৰনৱীৰ সিং ৷

জয়শভাই জোৰদাৰ নামৰ ছবিখন হৈছে এখন মনোৰঞ্জন ধৰ্মী ছবি ৷ছবিখনৰ কাহিনী দিব্যাংগ ঠাকুৰৰ ৷ ইফালে ছবিখনৰ সন্দৰ্ভত মন্তব্য কয় ৰনৱীৰ সিঙে কয় যে দেশৰ উল্লেখযোগ্য ছবি নিৰ্মাতাসকলৰ লগত কাম কৰি নিজকে ভাগ্যশালী বুলি ভাবে ৷

কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ৮৩ ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৰনৱীৰ সিঙে৷

উল্লেখ্য যে, ২০১৮ বৰ্ষত মুক্তি লাভ কৰা ছুপাৰহিট ছবি “পদ্মাৱত”ছবিখনে ৩০০ কোটি টকা উপাৰ্জন কৰে । লগতে “চিম্বা”ই উপাৰ্জন কৰে প্ৰায় ২০০ কোটি টকা৷উল্লেখ্য যে ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি “বেণ্ড বাজা বাৰাট”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰনৱীৰ সিঙে ৷ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷

লগতে ছবিখনৰ জৰিয়তে ফিল্ম ফেয়াৰ এৱাৰ্ডে দিয়া ডেৱিউট বেষ্ট এক্টৰ বটাঁ লাভ কৰে ৰনৱীৰে। ইয়াৰ পিছত ২০১৩ বৰ্ষত “লুটেৰা”,২০১৪ চনত “গুণ্ডে”,২০১৫ চনত “ডিল ধড়ক নে দো”,অন্যতম ৷কিন্তু ৰনৱীৰ সিঙৰ বহু চৰ্চিত ছবিসমূহ হৈছে সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৩ বৰ্ষৰ “গুলীয়ো কি ৰাসলীলা ৰাম লীলা”, ২০১৫ চনৰ মুক্তি পোৱা “বাজীৰাও মস্তানী”, এই ছবিখনত ৰনৱীৰে শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল ৷ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com