ৰাজকুমাৰ ৰাওৰ লগত বলীউডৰ ছবিত দেখিবলৈ পাব বি টাউনৰ এইগৰাকী অভিনেত্ৰীক

ৰাজকুমাৰ ৰাওৰ লগত বলীউডৰ ছবিত দেখিবলৈ পাব বি টাউনৰ এইগৰাকী অভিনেত্ৰীক

বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে সম্প্ৰতি ভৌতিক কমেডী ৰুহ আফজাত ৰাজকুমাৰ ৰাও আৰু বৰুণ শৰ্মাৰ লগত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে ৷ হাৰ্দিক মেহতাৰ নিৰ্দেশনাত নিৰ্মিত ৰুহ আফজাত ছবিখনত সহ নিৰ্মাতা হিচাপে থাকিব দিনেশ বিজন আৰু মৃগদ্বীপ সিং। ইফালে ধড়ক আৰু গুঞ্জন চক্সেনাৰ বায়’পিকৰ পিছত জাহ্নৱী কাপুৰৰ এইখন হৈছে চতুৰ্থ খন ছবি।

সহ নিৰ্মাতা দিনেশ বিজানে কয় যে ছবি খনৰ মুখ্য অভিনেত্ৰীৰ চৰিত্ৰটোৰ কাৰণে আমাৰ এনে ধৰণৰ এগৰাকী অভিনেত্ৰীৰ প্ৰয়োজন যিয়ে দুটা বিপৰীত চৰিত্ৰত সহজে অভিনয় কৰিব পাৰে ৷ ইয়াৰ কাৰণে জাহ্নৱী কাপুৰ ছবিখনৰ কাৰণে কাষ্ট কৰা হ’ল ৷ জাহ্নৱী কাপুৰৰ প্ৰতিভা এতিয়াও ভালকৈ প্ৰতিস্ফুট হোৱা নাই ৷ কিন্তু জাহ্নৱীয়ে চৰিত্ৰটোৰ লগত একাত্ম হৈ যাব। ছবিখনত জাহ্নৱী কাপুৰে ৰুহী আৰু আফচানা দুটা চৰিত্ৰত অভিনয় কৰিছে। সহ নিৰ্মাতা মৃগদ্বীপ সিং লাম্বাৰ অনুসৰি চৰিত্ৰটোৰ কাৰণে জাহ্নৱী কাপুৰ উপযুক্ত ৷

লগতে জাহ্নৱী কাপুৰে ছবিখনত দ্বৈত চৰিত্ৰটোৰ অতি সুক্ষ্মতাৰে অভিনয় কৰিছে ৷ ছবিখনত এটা দৃশ্যই জাহ্নৱী অতি সুক্ষ্মতাৰে অভিনয় কৰিছে বুলিও কয় সহ নিৰ্মাতা মৃগদ্বীপে ৷ লগতে কয় যে,চলচ্চিত্ৰ প্ৰেমীয়ে বিশ্বাসেই নকৰিব যে দুটা চৰিত্ৰত এগৰাকী অভিনেত্ৰী অৰ্থাৎ জাহ্নৱী কাপুৰেই অভিনয় কৰিব। এগৰাকী অভিনেতা বা অভিনেত্ৰীৰ কাৰণে একেটা সময়তে দুটা চৰিত্ৰত অভিনয় কৰাটো সাধাৰণ কথা নহয়। অন্যহাতে ছবিখনত অভিনয় কৰিছে বলীউডৰ অন্য এগৰাকী অভিনেতা ৰাজকুমাৰ ৰাও ৷

বলীউডৰ লগতে চলচিত্ৰ প্ৰেমীসকলৰ এটি পৰিচিত নাম৷ অসাধাৰণ অভিনয়ৰ বাবেই সম্প্ৰতি হাজাৰ জনৰ মাজত ৰাজকুমাৰ ৰাও পৰিচিত ৷ বলীউডত নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখা সকলৰ বাবে সম্প্ৰতি ৰাজকুমাৰ ৰাওতকৈ উত্তম উদাহৰণ কোনো হ’ব নোৱাৰে। কাৰণ কোনো ধৰণৰ ষ্টাৰ অথবা হিৰো হ’ব পৰা লুক নথকাকৈ এজন সাধাৰণ যুৱক আজি বলীউডৰ হিৰো সকলৰ মাজত অন্যতম ৷ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ স্নাতক ৰাজকুমাৰ ৰাও ৷

ইয়াৰ পিছত ২০১০ চনত দিবাকৰ বেনাৰ্জীৰ “লভ চেক্স এণ্ড ধোখা”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰাজকুমাৰ ৰাওয়ে ৷সেই সময়ৰ পৰা সাম্প্ৰতিক সময়লৈকে নিজক ষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰা সাধাৰণ যুৱকজনে অসাধাৰণ পৰিস্থিতিৰ লগত মোকামিলা কৰি হাজাৰ জনৰ মাজত নিজক প্ৰতিষ্ঠা কৰিছে ৷ ৩৩ বৰ্ষীয় অভিনেতা ৰাজকুমাৰ ৰাওৰ ছবিসমূহৰ ভিতৰত আছে “গেংছ অব ৱাচিপুৰ পাৰ্ট ২”,”তালাশ”,কাই পো চে”,চিটী লাইটচ”,আলীগড়”,বৰেলী কী বৰফী”,”নিউটন”,”সাদী মে জৰুৰ আনা” আদি ৷ লগতে অনাগত দিনত হলীউডৰ ছবিটো দেখিবলৈ পাব ৰাজকুমাৰ ৰাওক ৷

২০১৯ চনত মুক্তি পাব লগীয়া ৰাজকুমাৰ ৰাওৰ ছবিখনৰ নাম “পাঁচ ৱেডিংগছ”৷ ৰাজকুমাৰ ৰাওৰ বলীউডৰ পৰা হলীউডৰ এই যাত্ৰা,সফলতা,ষ্টাৰডম এদিনতে প্ৰাপ্ত হোৱা নাই। ৰাওৰ একাগ্ৰতা,কাম কৰা স্পৃহাই তেওঁক আজি প্ৰতিষ্ঠা কৰিছে বলীউডত ৷ অন্যহাতে, হাৰ্দিক মেহতাৰ নিৰ্দেশনাত নিৰ্মিত ৰুহ আফজাত ছবিখন মুক্তি পাব ২০২০ চনৰ ২০ মাৰ্চত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com