আজি বিয়লি ৪ বজাত সীতাৰমণে কব ২০ লাখ কোটিৰ পেকেজৰ সবিশেষ

২০ লাখ কোটি টকাৰ পেকেজৰ বৃতান্ত বাখ্যা কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা্ সীতাৰমণে
আজি বিয়লি ৪ বজাত সীতাৰমণে  কব  ২০ লাখ কোটিৰ পেকেজৰ সবিশেষ
Published on: 

আজি বিয়লি ৪ বজাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী য়ে জনাব ২০ লাখ কোটি টকাৰ পেকেজৰ সবিশেষ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ঘোষিত ২০ লাখ কোটিৰ পেকেজক লৈ দেশবাসীৰ মনত সৃষ্টি হৈ থকা উত্কণ্ঠা আজি বুধবাৰে বিয়লি চাৰি বজাত অন্ত পৰাৰ সম্ভাৱনা আছে। কাৰণ আজি বিয়লি চাৰি বজাত দেশবাসীৰ আগত এই ২০ লাখ কোটি টকাৰ পেকেজৰ বৃতান্ত বাখ্যা কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা্ সীতাৰমণে। ক'ৰ'না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতে মঙলবাৰে নিশা ৮ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি এই আৰ্থিক পেকেজৰ ঘোষণা কৰে

আত্মনিৰ্ভৰ ভাৰত' নামৰ এক আঁচনিৰ জৰিয়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ সবিশেষ আজি ব্যাখ্যা কৰিব বিত্ত মন্ত্ৰী সীতাৰমণে। বিত্ত মন্ত্ৰ্যালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ স্নান্যালে এই আঁচনিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল'ব বুলি মন্তব্য কৰিছে।

মোদীয়ে ঘোষণা কৰা এই ২০ লাখ কোটি টকা দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০-২১ৰ অনুমোদিত ৩০ লাখ কোটি টকাৰ বাজেটৰ তুলনাত মাত্ৰ ১০ লাখ কোটি কম।

ক'ৰ'নাই তীব্ৰ ৰূপ ধাৰণ কৰা সময়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ ফলত দেশৰ কুটীৰ শিল্প, ক্ষুদ্ৰ উদ্যোগষ শ্ৰমিক, কৃষক আৰ মধ্য বিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হ'ব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com