ক্ৰমে অধিক ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ ফলত কামৰূপ(মহানগৰ)জিলাত কণ্টেইনমেণ্ট মণ্ডল বা জ'নৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে। আনকি যোৱা ২৪ ঘণ্টাত একাধিক স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে জিলা প্ৰশাসনে। শেহতীয়া তথ্য অনুসৰি জিলাখনত ক'ৰ'নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা কণ্টেইনমেণ্ট মণ্ডলৰ সংখ্যা ৪৪টালৈ বৃদ্ধি পাইছে।
কামৰূপ(মহানগৰ)জিলাৰ কণ্টেইনমেণ্ট মণ্ডলসমূহ হ'লঃ
জাপৰিগোগ, বৰবাৰী, বিষ্ণুপুৰ, কৃষ্ণনগৰ, ধীৰেণপাৰা, পূব শৰণীয়া, বাথৌ নগৰ, গীতা মন্দিৰ, গো-শালা, কেন্দ্ৰীয় কাৰাগাৰ চৌহদ, জি এম চি এইচৰ কাষৰ ইন্দ্ৰপুৰ পাহাৰৰ টিং, লিচুবাগান, পাণবজাৰৰ অৰিহন এপাৰ্টমেণ্ট, আৰ জি বৰুৱা ব্লকৰ ভাস্কৰ নগৰ, চাৰাবভাটি, আঠগাঁও, হীৰাপাৰা গাঁও(আজাৰা), শান্তিপুৰ, লালগণেশ আদি।
আৰু পঢ়িব পাৰেঃ ১৬ জুনত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীবৰ্গৰে মোদীৰ ভিডিঅ' কনফাৰেন্স