লাহে লাহে কাজিৰঙালৈ আগমণ ঘটিছে পৰ্যটকৰ

নীতি–নিয়মৰ মাজেৰে অক্টোবৰ মাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
লাহে লাহে কাজিৰঙালৈ আগমণ ঘটিছে পৰ্যটকৰ

নাগৰিকত্ব আইন(সংশোধনী)বিৰোধী আন্দোলনৰ পাছত ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ ফলত ৰাজ্যৰ পৰ্যটন উদ্যোগ একপ্ৰকাৰ স্তবিৰ হৈ পৰে। বন্ধ হৈ পৰে ৰাজ্যৰ পৰ্যটনস্থলীসমূহলৈ পৰ্যটকৰ আগমণ। সৌভাগ্যবশতঃ দীৰ্ঘ বিৰতিৰ পাছত শেহতীয়াভাবে ৰাজ্যৰ পৰ্যটন উদ্যোগে আশাৰ ৰেঙণি দেখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও ক্ৰমে দেখিবলৈ লৈছে পৰ্যটকৰ মুখ। উদ্যানখনৰ পৰ্যটক নিবাসসমূহলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ। স্বাভৱিকতে ইয়ে আনন্দিত কৰিছে পৰ্যটন নিবাসৰ কৰ্মচাৰীসকলক। কাৰণ ক'ৰ'না ভয়াৱহ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ প্ৰতিখন ৰিজ'ৰ্ট,-ৰেস্তোঁৰা বন্ধ হৈ পৰে।

অৱশ্যে চলিত মাহৰ পৰা ৰাজ্য চৰকাৰে বাৰ, ৰেস্তোঁৰা আৰু অতিথিশালাসমূহ মুকলি কৰি দিয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অতিথিৰ আগমন ঘটিছে কাজিৰঙালৈ।

বিগত পৰ্যটন বৰ্ষত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগা হোৱাত চলিত বৰ্ষত নীতি–নিয়মৰ মাজেৰে অক্টোবৰ মাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে  মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com