জে জে ইঃ অসমত ৫০%তকৈ কম ছাত্ৰ-ছাত্ৰী অৱৰ্তীৰ্ণ

এইবাৰৰ জে ই ই মূল পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ১২, ৮০৩ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনায়।
জে জে ইঃ অসমত ৫০%তকৈ কম ছাত্ৰ-ছাত্ৰী অৱৰ্তীৰ্ণ

ক'ৰ'না মাহামাৰীৰ বিভীষিকাৰ মাজতে অনুষ্ঠিত জে ই ইৰ মূল পৰীক্ষাত অসমত ৫০শতাংশকৈ কম ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ অসমৰ ছটা কেন্দ্ৰত জে ই ইৰ ৪০শতাংশ ছাত্ৰ-ছাত্ৰীহে অৱৰ্তীৰ্ণ হৈছে। আনকি গুৱাহাটী কেন্দ্ৰটো ৪০শতাংশ ছাত্ৰ-ছাত্ৰীহে পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷

লক্ষ্যণীয় যে মহামাৰীৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিভিন্ন দাবী উত্থাপন কৰিছিল ৷ তৎসত্বেও কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত কৰাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এইবাৰৰ জে ই ই মূল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ১২, ৮০৩ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনায়। কিন্তু মূৰকত ইয়াৰ নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয় ৷ একেদৰে নীটৰ বাবে  ৩০, ৩১১ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনাইছে। ৰাজ্যত নীটৰ ৮১ টা কেন্দ্ৰ আছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com