মণিপুৰত ৪০কোটি টকাৰ হেৰ'ইনসহ দুজন গ্ৰেপ্তাৰ, দিল্লী আৰক্ষীৰ অভিযান

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে ড্ৰাগছ বিৰোধী যুঁজখনত এক বৃহত সফলতাপ্ৰাপ্তি ঘটিল।
মণিপুৰত ৪০কোটি টকাৰ হেৰ'ইনসহ দুজন গ্ৰেপ্তাৰ, দিল্লী আৰক্ষীৰ অভিযান
Published on

দিল্লী আৰক্ষীৰ জালত মণিপুৰত বন্দী হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। প্ৰাপ্ত তথ্য অনুসৰি দিল্লী আৰক্ষীৰ উত্তৰ মণ্ডলৰ বিশেষ কোষে এটা আন্তৰ্জাতিক ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে মণিপুৰত অভিযান চলায়। সহকাৰী আৰক্ষী আয়ুক্ত যশবীৰ সিঙৰ তদাৰকীত পৰিদৰ্শক পূৰণ সিঙৰ নেতৃত্বত এটা দলে চক্ৰটোৰ দুজনক গ্ৰেপ্তাৰ কৰে। ধৃতদ্বয়ৰ পৰা আৰক্ষীয়ে ১০ কিলোগ্ৰাম ওজনৰ হেৰ'ইন জব্দ কৰে। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য ৪০ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে, ধৃত ড্ৰাগছ ব্যৱসায়ীদ্বয় মণিপুৰৰ বিষ্ণপুৰ জিলাৰ মইৰাঙৰ মহম্মদ ইকবাল খান(২৮) আৰু থৌবাল জিলাৰ লিলঙৰ মহম্মদ ইছাক বুলি আৰক্ষীয়ে জনায়। এই সম্পৰ্কত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে ড্ৰাগছ বিৰোধী যুঁজখনত এক বৃহত সফলতাপ্ৰাপ্তি ঘটিল।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com