কৱিড-১৯ঃ দেশত ২৪ ঘণ্টাত মৃত্যু ১২০জনৰ, আক্ৰান্ত ৯০ হেজাৰলৈ বৃদ্ধি

যোৱা ২৪ ঘণ্টাতে সমগ্ৰ দেশত ১২০ জন লোকৰ মৃত্যু হয়।
কৱিড-১৯ঃ দেশত ২৪ ঘণ্টাত মৃত্যু ১২০জনৰ, আক্ৰান্ত ৯০ হেজাৰলৈ বৃদ্ধি
Published on

কৱিড-১৯ মহামাৰীঃ দেশত মাথোঁ ২৪ ঘণ্টাত মৃত্যু ১২০জনৰ, আক্ৰান্তৰ সংখ্যা ৯০ হেজাৰলৈ বৃদ্ধি

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৱিড-১৯ মহামাৰীত মৃত আৰু আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ৯০হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। অনুৰূপধৰণে বৃদ্ধি পাইছে মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাতে সমগ্ৰ দেশত ১২০ জন লোকৰ মৃত্যু হয়। ফলত সম্প্ৰতি দেশত এই মহামাৰীত মৃতৰ সংখ্যা ২,৮৭২জনলৈ বৃদ্ধি পাইছে। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ আছে। অৱশ্যে সমগ্ৰ দেশত এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৯হেজাৰৰো অধিক লোক। সমগ্ৰ দেশৰ বিতৰতে কৰ'নাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত আছে সমগ্ৰ দেশৰ আক্ৰান্তৰ তিনি ভাগৰ এক অংশ। ইয়াৰ পিছতে দ্বিতীয় স্থানত থকা গুজৰাটতো কৰ'নাই ধাৰণ কৰিছে জটিল ৰূপ। দিল্লীতো কৰ'না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলে অনুমান কৰিছে যে অহা এমাহৰ ভিতৰত ভাৰতত কৰ'নাই আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব পাৰে। এনে অনুমানত ভিত্তি কৰিয়েই কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com