অৱশেষত অসমত উপস্থিত তলাবন্ধত বাংলাদেশত আবদ্ধ উত্তৰ-পূবৰ ১২৪জন লোক

এইসকলৰ মাজৰ অসমৰ ১০০গৰাকী অসমৰ হোৱাৰ বিপৰীতে ২৫ গৰাকী মণিপুৰৰ।
অৱশেষত অসমত উপস্থিত তলাবন্ধত বাংলাদেশত আবদ্ধ  উত্তৰ-পূবৰ ১২৪জন লোক

তলাবন্ধত বাংলাদেশত আবদ্ধ অসমৰ এশসহ উত্তৰ-পূবৰ ১২৪জন লোক

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশে তলাবন্ধ ঘোষণা কৰে। এই তলাবন্ধৰ সময়ত বাংলাদেশত আবদ্ধ হৈ পৰে অসমৰ এশজন লোকসহ উত্তৰ-পূবৰ ১২৪জন লোক। দীৰ্ঘদিন ধৰি এনেদৰে চুবুৰীয়া দেশত আবদ্ধ লোকসকলক অৱশেষত ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হয়। আজি এই লোকসকলক কৰিমগঞ্জৰ সুতাৰকান্দিৰ আন্তৰ্জাতিক সীমান্ত দি লৈ অনা হৈছে। এইসকলৰ মাজৰ অসমৰ ১০০জন অসমৰ হোৱাৰ বিপৰীতে ২৫ গৰাকী মণিপুৰৰ। আনহাতে, একে পথেদি ভাৰতত আবদ্ধ হৈ থকা ১৩ গৰাকী বাংলাদেশী নাগৰিককো উভতাই দিয়া হয়।এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হৰমীট সিঙে। সিঙে লগতে কয় যে মণিপুৰৰ ২৪ জন লোকৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com