ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'লেও আক্ৰান্ত হৈ আছে ১২ হেজাৰ লোক

অস্থায়ী আশ্ৰয় শিবিৰত অংশ লোৱা অধিকাংশ লোকেই ঘৰমুৱা হৈছে
ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'লেও আক্ৰান্ত হৈ আছে ১২ হেজাৰ লোক

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'লেও আক্ৰান্ত হৈ আছে ১২ হেজাৰ লোক

ক্ৰমে অধিক উন্নতি ঘটিছে অসমৰ বান পৰিস্থিতিৰ৷ তৎসত্বেও প্ৰায় ২৩হেজাৰ লোক বানত আক্ৰান্ত হৈয়ে আছে ৷ বাৰিষাৰ আৰম্ভণীতে হোৱা বছৰটোৰ এই প্ৰথম বানত ১০জন লোকৰ মৃত্যু হয় ৷ আনহাতে, বানৰ পানী শুকাবলৈ ধৰিলেও গোৱালপাৰা, লখিমপুৰ আৰু ধেমাজি জিলাৰ ১৫খন গাঁৱৰ জিলাৰ ১২,৯০৪জন লোক বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ ইপিনে, অস্থায়ী আশ্ৰয় শিবিৰত অংশ লোৱা অধিকাংশ লোকেই ঘৰমুৱা হৈছে ৷ শেহতীয়া এই বানত বহু প্ৰাণীও ক্ষতিগ্ৰস্ত হয় ৷ ক্ষতিগ্ৰস্ত প্ৰাণীসমূহৰ ১, ৪০৫টা বৃহৎ, ৬৩৭টা সৰু আৰু ১, ৭৮২টা পক্ষীজাতীয় প্ৰাণী ৷ এই বানত আন্তঃগাঁথনিৰো বৃহৎ ক্ষতিসাধন ঘটে ৷ ডিব্ৰুগড়ত মথাউৰিৰ, কৰিমগঞ্জ জিলাত তিনিটা পথৰ আৰু বাগসা জিলাত এখন দলঙৰ ক্ষতিসাধন হয় ৷ তদুপৰি ডিব্ৰুগড়ৰ এক অঞ্চল খহনীয়াৰ কবলত পৰিছে। এই খহনীয়াত ৫১০জন লোক ক্ষতিগ্ৰস্ত হৈছে ।জিলাখনৰ চাবুৱাত ১৩৬জন লোকে খহনীয়াৰ কবলত পৰি আশ্ৰয় শিবিৰত ভৰ্তি হৈছে ৷ একেদৰে বিশ্বনাথৰো এক অংশ খহনীয়াৰ কবলত পৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com