অসমত ২০-২৫জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্তৰ ফলাফল ঘোষণাৰ সম্ভাৱনা

এই সম্পৰ্কত হোৱা চৰ্চা অনুসৰি উত্তৰবহীৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷
অসমত ২০-২৫জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্তৰ ফলাফল ঘোষণাৰ সম্ভাৱনা

অসমত ২০-২৫জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্তৰ ফলাফল ঘোষণাৰ সম্ভাৱনা

অহা ২০ৰ ২৫জুনৰ ভিতৰত অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে ৷ এই সম্পৰ্কত হোৱা চৰ্চা অনুসৰি উত্তৰবহীৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ উল্লেখ্য যে অহা ৬ জুনত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ'ব ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সম্পৰ্কত ইতিমধ্যে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হৈছে ৷ উল্লেখ্য যে দেওবাৰে শিক্ষামন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে অহা ছয় জুনত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৷

অসম মাধ্যমিক শিক্ষা ব' ৰ্ড (ছেবা)ই উক্ত পৰীক্ষাৰ ফলাফল কেৱল ৱেবছাইট আৰু এপতহে ঘোষণা কৰিব ৷ গুগল প্লে-ষ্ট'ৰৰ পৰা বিনামূল্যে ফলাফলৰ তালিকা ডাউনল'ড কৰিব পাৰিব ৷ তদুপৰি ১৪টা ৱেবছাইটতো ফলাফল উপলব্ধ হ'ব বুলি ছেবাই ঘোষণা কৰিছে ৷ উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰায় ৩.৫লাখ ছাত্ৰ-ছাত্ৰী অৱৰ্তীৰ্ণ হৈছে ৷ পৰীক্ষাৰ ফলাফল নিম্নোক্ত বেবছাইটসমূহত চাব পাৰিবঃ results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com exametc.com, www.newsnation.in, www.newsstate.com, https://iresults.net, AssamjobAlerts.com, www.results.siksha, www.assam.siksha, www.jagranjosh.com 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com