আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈ অসমত ১৩,৩৮২ টা গাহৰিৰ মৃত্যুঃ মন্ত্ৰী বৰা

আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈ অসমত ১৩,৩৮২ টা গাহৰিৰ মৃত্যুঃ মন্ত্ৰী বৰা

আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈ অসমত ১৩,৩৮২ টা গাহৰিৰ মৃত্যুঃ মন্ত্ৰী বৰা

আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈ অসমত ১৩,৩৮২ টা গাহৰিৰ মৃত্যুঃ মন্ত্ৰী বৰা । মহামাৰীৰ ক'ৱিড-১৯ ৰ আতংকৰ মাজতে অসমত প্ৰায় ১২,৩৮২ টা গাহৰি জ্বৰজনিত কাৰণত মৃত্যু হয় । ইতিমধ্যে ৰাজ্যৰ ন খন জিলাত গাহৰিৰ মাংস বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।‌ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে পশুপালন মন্ত্ৰী অতুল বৰাই।‌

দেওবাৰে মন্ত্ৰী বৰাই জনোৱা অনুসৰি গাহৰিৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে বিশেষকৈ শিৱসাগৰ , যোৰহাট, লখিমপুৰ , ধেমাজি , বিশ্বনাথ, গোলাঘাট, মাজুলী , কামৰূপ (এম) জিলাত ।

মন্ত্ৰী বৰাই কয় যে আফ্ৰিকান ছোৱাইন জ্বৰৰ কোনো প্ৰতিষেধক নাই । এই বেমাৰে ১৯২১ চনত আফ্ৰিকাত প্ৰথমবাৰৰ বাবে আতংকৰ সৃষ্টি কৰিছিল। তাৰ পিছত এই বেমাৰ বিভিন্ন দেশলৈ সংক্ৰামিত হয় । ২০১৯ চনত চীন দেশত এই বেমাৰৰ তথ্য পোহৰলৈ আহে। সন্দেহ কৰা হৈছে যে চীনৰ পৰাই এই বেমাৰ অসমলৈ সংক্ৰামিত হৈছে । লগতে তেওঁ কয় যে অসমত এই বেমাৰৰ তথ্য প্ৰথম বাৰৰ বাবে ধেমাজি জিলাৰ জোনাইত পোহৰলৈ আহে, আৰু পিছত ৰাজ্যৰ আন জিলাতো এই বেমাৰ বিয়পি পৰে। চৰকাৰী তথ্য অনুসৰি গোলাঘাট জিলাত ৮০৮ টা গাহৰি ,আৰু কামৰূপ (মহানগৰ)ত ৩৭ টা গাহৰিৰ এই বেমাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

তেওঁ কয় যে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথ্য অনুসৰি অসমত প্ৰায় ৩০,লাখ গাহৰি আছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৫,০০০ টা বনৰীয়া গাহৰি আৰু অন্য বনত প্ৰায় ৫০,০০০ টা বনৰীয়া গাহৰি আছে । বহু কেইখন ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত অদিবসী গাঁও আছে যৰ পৰা ঘৰচীয়া গাহৰি সমূহ অতি সহজে উদ্যানত প্ৰৱেশ কৰে। ঘৰচীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ এই বেমাৰ সংক্ৰমণ ৰোধ, আৰু উদ্যানথ ঘৰচীয়া গাহৰিৰ প্ৰৱেশ নিষেধ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই উদ্যানৰ সীমাত খনন আৰম্ভ কৰিছে ।‌

মন্ত্ৰী গৰাকীয়ে জনতাক মৃত গাহৰি সমূহ ৬ ফুট দ' গাতত পুতি তাত ব্লিছিং পাউদাৰ, নিমখ আৰু ছোডিয়াম ক্লৰাইগ দিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com