পাঁচ বছৰত ১৫হেজাৰ বাংলাদেশীলৈ ভাৰতীয় নাগৰিকত্ব !

সন্দেহজনক ভোটাৰ(ডি-ভোটাৰ)-ৰূপে চিহ্নিত ৮৩হেজাৰ লোকৰ গোচৰ অসমৰ বিদেশী ন্যায়াধিকৰণসমূহৰ বিচাৰাধীন হৈ আছে
পাঁচ বছৰত ১৫হেজাৰ বাংলাদেশীলৈ ভাৰতীয় নাগৰিকত্ব !

বিগত ৫ বছৰত ১৫হেজাৰ বাংলাদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে৷ সোমবাৰে সংসদত এই তথ্য প্ৰকাশ কৰে গৃহ ৰাজ্য দপ্তৰৰ মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷ মন্ত্ৰী ৰায়ে লোকসভাত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিগত পাঁচ বছৰত ১৫ হেজাৰ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে ৷ আনহাতে, সন্দেহজনক ভোটাৰ(ডি-ভোটাৰ)-ৰূপে চিহ্নিত ৮৩হেজাৰ লোকৰ গোচৰ অসমৰ বিদেশী ন্যায়াধিকৰণসমূহৰ বিচাৰাধীন হৈ আছে ৷ " বিগত পাঁচ বছৰত ৮৩হেজাৰৰো অধিক লোক ডি-ভোটাৰৰূপে চিহ্নিত হয়।

এই গোচৰসমূহ বিদেশী ন্যায়াধিকৰণৰ বিচাৰাধীন হৈ আছে ৷ কেৱল অসমতহে বিদেশী ন্যায়াধিকৰণ আছে," মন্ত্ৰী ৰায়ে এইদৰে কয় ৷ তেওঁ লগতে কয় যে প্ৰয়োজনীয় অনুসৰি বিভিন্ন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে বন্দী শিবিৰ স্থাপন কৰিছে ৷ এই বন্দী শিবিৰসমূহ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে তদাৰক কৰে ৷ কেন্দ্ৰই এইসমূহ চোৱাচিতা বা তদাৰক নকৰে বুলি তেওঁ উল্লেখ কৰে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com