অৰুণোদয় আঁচনিঃ ৰাজ্যৰ ১৭ লাখ পৰিয়াললৈ মাহিলী ৮৩০টকাকৈ

এই ৮৩০ টকাৰ ৩০০ টকা ঔষধৰ বাবে, ৮০টকা চেনিৰ বাবে ২০০ টকা ডাইল কিনাৰ বাবে আৰু ১৫০ টকা ফলমূল-শাকপাচলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হব।
অৰুণোদয় আঁচনিঃ ৰাজ্যৰ ১৭ লাখ পৰিয়াললৈ মাহিলী ৮৩০টকাকৈ

ৰাজ্যৰ ১৭ লাখ পৰিয়াললৈ মাহিলী ৮৩০টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে। এই ধন অৰণোদয় আঁচনিৰ অধীনত আগবঢ়াব ৰাজ্য চৰকাৰে। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অভিলাসী আঁচনিখন মুকলি কৰি মন্ত্ৰী শৰ্মাই কয় যে অহা দুই অক্টোবৰৰ পৰা এই পৰিয়ালসমূহক মাহিলী ৮৩০টকাকৈ প্ৰদান কৰা হব। এনে এটা পৰিয়াল আৰ্থিকভাবে আত্মনিৰ্ভৰশীল নোহোৱা পৰ্যন্ত মাহিলী এই ধন চৰকাৰে প্ৰদান কৰি যাব বুলি মন্ত্ৰীজনে সদৰী কৰে।

এই বিষয়ে অধিক তথ্য সদৰী কৰি তেওঁ আৰু কয়, "এই ৮৩০ টকাৰ ৩০০ টকা ঔষধৰ বাবে, ৮০টকা চেনিৰ বাবে ২০০ টকা ডাইল কিনাৰ বাবে আৰু ১৫০ টকা ফলমূল-শাকপাচলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হব। এই ধনপ পৰিমাণ চৰকাৰৰ আৰ্থিক অৱস্থা অনুসৰি বৃদ্ধি পাব"। এনে এটা পৰিয়ালৰ এগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে এই ধন প্ৰদান কৰিব। আনহাতে, দুই লাখ ভোটাৰ থকা এটা সমষ্টিৰ ১৭ হেজাৰ পৰিয়ালে এই চৰকাৰী ধন লাভ কৰিব। হিতাধিকাৰী জিলা পৰ্যায়ৰ বাছনি সমিতিয়ে কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অহা ১৭ আগষ্টৰ পৰা এই আঁচনি ৰূপায়নৰ কাম আৰম্ভ হব। জিলা পৰ্যায়ৰ সমিতিয়ে পোনপটীয়াকৈ হিতাধিকাৰী বাছনি কৰি হিতাধিকাৰীৰ বেংক একাউণ্টৰ নম্বৰ বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব।     

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com