হাইলাকান্দিত ক'ৰ'নাত আক্ৰান্ত হ'ল ১৮ দিনীয়া শিশু

ক’ৰ’নাত আক্ৰান্ত হলেও শিশুটিৰ অৱস্থা সুস্থ হৈ আছে বুলি উক্ত হাস্পতালৰ চিকিত্সক ডাঃ সুদীপ কুমাৰ চক্ৰৱৰ্তীয়ে জনায়
হাইলাকান্দিত ক'ৰ'নাত আক্ৰান্ত হ'ল ১৮ দিনীয়া শিশু
Published on: 

জন্মৰ মাথোঁ ১৮ দিন পাছতে এটি শিশু ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল। প্ৰাপ্ত তথ্য অনুসৰি হাইলাকান্দিৰ এহাল দম্পতীৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। হাইলাকান্দি নগৰৰ পাশ্বৱৰ্তী টুপখানাৰ নিবাসী এই দম্পতীহালৰ লগতে তেওঁলোকৰ ১৮ দিনীয়া সন্তানৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি চৰকাৰী সূত্ৰই জনায়। দম্পতীহালক প্ৰথমে হিন্দুস্তান কাগজ নিগমৰ কৱিড স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল। পাছত তেওঁলোকক সন্তানসহ জিলা অসামৰিক হাস্পতাললৈ স্থানান্তৰ কৰা হয়। অৱশ্যে ক'ৰ'নাত আক্ৰান্ত হলেও শিশুটিৰ অৱস্থা সুস্থ হৈ আছে বুলি উক্ত হাস্পতালৰ চিকিত্সক ডাঃ সুদীপ কুমাৰ চক্ৰৱৰ্তীয়ে জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com