ৰাজ্যত ক্ৰমে ভয়াবহ হৈছে বান পৰিস্থিতিঃ ১৮জনৰ প্ৰাণহানি

ৰাজ্যৰ ২১ খন জিলাৰ ১,২৮৯খন গাঁৱৰ ৪,৬২,৭৭৭ জন লোক এই বানৰ কবলত পৰিছে
ৰাজ্যত ক্ৰমে ভয়াবহ হৈছে বান পৰিস্থিতিঃ ১৮জনৰ প্ৰাণহানি

ৰাজ্যত ক্ৰমে অধিক ভয়াবহ হৈছে বান পৰিস্থিতি।বিগত কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কে'বাখনো উপনৈ ফেনে-ফুটুকাৰে বাঢ়ি আহি বিভিন্ন স্থানত সংহাৰ চলাইছে। প্ৰাপ্ত তথ্য অনুসৰি য়োৱা ২৪ ঘণ্টাত বানত আৰু দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে। যোৱা ১৪ঘণ্টাত মৃত্যুমুখত পৰা লোক দুজন গোৱালপাৰা জিলাৰ। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যৰ ২১ খন জিলাৰ ১,২৮৯খন গাঁৱৰ ৪,৬২,৭৭৭ জন লোক এই বানৰ কবলত পৰিছে।বানাক্ৰান্ত জিলাকেইখন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ওদালগুৰি, দৰং, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ পানী সোমাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে ওখ স্থানলৈ যাত্ৰা কৰিছে। তদুপৰি এই বানত ৩৭,৩১৩ হেক্টৰ কৃষিভূমিও বুৰ গৈছে। একাধিক জিলাত বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়ে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com