ক'ৰ'নাঃ গুৱাহাটীৰ আৰু ২৪টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ আৰু ২৪টা স্থানক কণ্টেইনমেণ্ট জ’ন অথবা মণ্ডলৰূপে ঘোষণা কৰিছে ৷
ক'ৰ'নাঃ গুৱাহাটীৰ আৰু ২৪টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক্ৰমাৎ অধিক অৱনতি ঘটিছে গুৱাহাটীৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি ৷ তীব্ৰ গতিত বৃদ্ধি পাইছে ক'ৱিড-১৯পজিটিভৰ সংখ্যা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ আৰু ২৪টা স্থানক কণ্টেইনমেণ্ট জ'ন অথবা মণ্ডলৰূপে ঘোষণা কৰিছে ৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই স্থানসমূহক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰা হৈছে ৷ এই নতুন ২৪টা কণ্টেইনমেণ্ট জ'ন হ'লঃ

১) শ্ৰীভূমি পথ (আদাগুদাম)

২) কল'নী বজাৰ (কাহিলীপাৰা)

৩) শংকৰনগৰ (আদাগুদাম)

৪) শ্ৰীৰামপথ (লালগণেশ)

৫) লালমাটি-২

৬) নীলাচল পাৰ্কিং( বেহাৰবাৰী)

৭) প্ৰকাশ কাটা(লালমাটি)

৮) লখীমন্দিৰ পথ (বৰসজাই)

৯) বিষ্ণুমন্দিৰৰ ওচৰ (ভেটাপাৰা)

১০) চম্পকনগৰ (ভেটাপাৰা)

১১) খনওৱাকনা ( পাহাৰৰ চূড়া)

১২) পেট্ৰ'ল পাম্পৰ ওচৰৰ লালমাটি

১৩) আয়ুৰ্বেদিক গৱেষণা কেন্দ্ৰ (বৰসজাই)

১৪) দক্ষিণ শৰণীয়া (ইস্কন মন্দিৰৰ ওচৰত)

১৫) আনন্দ নগৰ

১৬) হেঙেৰাবাৰী

১৭) তৃষ্ণা ৰেচিডেন্সী (ঘোঁৰামৰা)

১৮) নামঘৰ পথ (হেঙেৰাবাৰী)

১৯) বৰবাৰী (ভি আই পি ৰোড)

২০) ইন্দ্ৰপুৰ (ভঙাগড়)

২১) চাহাবটিলা (অৰুণাচল পথ, জু-ৰোড)

২২)সুভম বিল্ডৱেৰ (জু-ৰোড)

২৩) চি ডি এ কোৱাৰ্টাৰ (সাতগাঁও)

২৪)গেমছ ভিলেজ, বি-৭, প্ৰথম মহলা।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com