কাশ্মীৰৰ বাৰামুল্লাত সংঘৰ্ষঃ দুজন চি আৰ পিসহ তিনিজন ছহিদ

সন্ত্ৰাসবাদীয়ে কীৰি অঞ্চলৰ নাকাত নিৰাপত্তাৰক্ষীৰ দলটোক আক্ৰমণ কৰে বুলি সদৰী কৰিছে আৰক্ষী মহা-পৰিদৰ্শক বিজয় কুমাৰে।
কাশ্মীৰৰ বাৰামুল্লাত সংঘৰ্ষঃ দুজন চি আৰ পিসহ তিনিজন ছহিদ

অশান্তজৰ্জৰ কাশ্মৰীৰ বাৰামুল্লাত আজি সন্ত্ৰাসবাদীৰে এক সংঘৰ্ষত দুজন চি আৰ পি জোৱানসহ তিনিজন আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি চি আৰ পি আৰু ৰাজ্যিক আৰক্ষীৰ এটা দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে উত্তৰ কাশ্মীৰৰ বাৰামুল্লাৰ কীৰি অঞ্চলত অভিযান চলায়। এই অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষৰ সূত্ৰপাত ঘটে। সংঘৰ্ষত দুজন চি আৰ পি আৰু এজন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়। নিহত আৰক্ষীজন বিশেষ আৰক্ষী বিষয়া(এছ পি অ)আছিল।

সন্ত্ৰাসবাদীয়ে কীৰি অঞ্চলৰ নাকাত নিৰাপত্তাৰক্ষীৰ দলটোক আক্ৰমণ কৰে বুলি সদৰী কৰিছে জম্মু-কাশ্মীৰৰ আৰক্ষী মহা-পৰিদৰ্শক বিজয় কুমাৰে। সংঘৰ্ষটোত চি আৰ পি জোৱান দুজন গুৰুতৰভাবে আহত হয়। দুয়োকে ততাতৈয়াকৈ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও তেওঁলোকৰ প্ৰাণৰক্ষা নপৰিল।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com