সুস্থ হৈ কৰ্তব্যলৈ উভতিল দুই ক'ৰ'না আক্ৰান্ত আৰক্ষী

এই আৰক্ষী লোকদ্বয় হ’ল সহকাৰী উপ-পৰিদৰ্শক মণিৰাম কলিতা আৰু ভৰলুমুখ আৰক্ষী থানাত নিয়োজিত লক্ষ্মীনন্দন বড়ো
সুস্থ হৈ কৰ্তব্যলৈ উভতিল দুই ক'ৰ'না আক্ৰান্ত আৰক্ষী

ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ পুনৰ কৰ্তব্যত যোগদান কৰিলে অসম আৰক্ষীৰ দুজন লোকে। দুয়োজন আৰক্ষী লোক গুৱাহাটীত কৰ্মৰত। প্ৰাপ্ত তথ্য অনুসৰি এই আৰক্ষী লোকদ্বয় হ'ল জালুকবাৰী আৰক্ষী থানাত নিয়োজিত সহকাৰী উপ-পৰিদৰ্শক মণিৰাম কলিতা আৰু ভৰলুমুখ আৰক্ষী থানাত নিয়োজিত লক্ষ্মীনন্দন বড়ো। সম্প্ৰতি দুয়োজন সুস্থ হোৱাৰ লগতে পুনৰ কৰ্তব্যত যোগদনা কৰাৰ তথ্য সদৰী কৰি গুৱাহাটী আৰক্ষীয়ে টুইটাৰত কয়, "তেওঁলোকে পুনৰ কৰ্তব্যত যোগদান কৰিছে।দুয়োকে উষ্ম অভিনন্দন জনালো"।উল্লেখ্য যে অসম আৰক্ষীৰ মুঠ ৬০৮জন বিযয়া-কনিষ্টবল ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে।ইয়াৰে ২৭২জন সুস্থ হৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com