তিনিচুকীয়াত জালত পৰিল দুই এন এছ চি এন(আই-এম)নেতা

এই এন এছ চি এন(আই-এম)নেতাদ্বয় হল স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেল ৰামপং হাখুন ওৰফে জনী আৰু স্বয়ম্ভু ছাৰ্জেণ্ট কচুং ছাংগকে ।
তিনিচুকীয়াত জালত পৰিল দুই এন এছ চি এন(আই-এম)নেতা

তিনিচুকীয়াত জালত পৰিল দুই এন এছ চি এন(আই-এম)নেতা

তিনিচুকীয়াত জালত পৰিছে  এন এছ চি এন(আই-এম)ৰ দুজন নেতা। ভাৰতীয় সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযানত কালি ১৪ জুনত এন এছ চি এন(আই-এম)ৰ এই দুই সদস্যক তিনিচুকীয়া জিলাৰ লিডুৰ পৰা গ্ৰেপ্তাৰ কৰে। চোৰাংচোৱাৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা এই এন এছ চি এন(আই-এম)েতাদ্বয় হল স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেল ৰামপং হাখুন ওৰফে জনী আৰু স্বয়ম্ভু ছাৰ্জেণ্ট কচুং ছাংগকে। এই সফল অভিযানক নিৰাপত্তাবাহিনীয়ে এন এছ চি এন(আই-এম)ৰ বাবে মোক্ষম আঘাতৰূপে অভিহিত কৰিছে। ধৃত এন এছ চি এন(আই-এম) নেতাদ্বয়ৰ পৰা নিৰাপত্তাৰক্ষীয়ে বিদেশত নিৰ্মিত এটা ৯ এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ১০ ৰাউণ্ড গুলি আৰু নগদ ১০ হেজাৰ টকা জব্দ কৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com