ক'ৰ'না পজিটিভ হ'ল মালিগাঁও কেন্দ্ৰীয় হাস্পতালৰ দুগৰাকী নাৰ্ছ

কালি আৰু আজি (১ আৰু ২ জুলাই)ত হাস্পতালখনৰ দুগৰাকী নাৰ্ছৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ক'ৰ'না পজিটিভ হ'ল মালিগাঁও কেন্দ্ৰীয় হাস্পতালৰ দুগৰাকী নাৰ্ছ

ৰোগীক সেৱা আগবঢ়াই থকাৰ সময়তে ক'ৰ'নাত আক্ৰান্ত হ'ল উত্তৰ-পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মালিগাঁৱৰ কেন্দ্ৰীয় হাস্পতালৰ দুগৰাকী নাৰ্ছ। প্ৰাপ্ত তথ্য অনুসৰি কালি আৰু আজি (১ আৰু ২ জুলাই)ত হাস্পতালখনৰ দুগৰাকী নাৰ্ছৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই সম্পৰ্কত হাস্পতালখনৰ অতিৰিক্ত পৰিচালন সঞ্চালক ডাঃ এন ডেকাই কয় যে ক'ৰ'নাত আক্ৰান্ত হোৱা নাৰ্ছ দুগৰাকীয়ে জৰুৰীকালীন কক্ষ(আই চি ইউ)কে ধৰি হাস্পতালখনৰ বিভিন্ন ৱাৰ্ডত সেৱা আগবঢ়ায়। অৱশ্যে হাস্পতালখনত জৰুৰী সেৱাকে ধৰি কেতবোৰ সেৱা অব্যাহত থাকিব বুলি ডাঃ ডেকাই জানিবলৈ দিছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com