ক'ৰ'নাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাদুৰ্ভাৱ জুলাইত অন্ত পৰাৰ ইংগিত শৰ্মাৰ

ৰাজ্যত প্ৰথম পৰ্যায়ত ক’ৰ’নাত আক্ৰান্ত হোৱাসকলৰ অধিকাংশই দিল্লীৰ নিজামুদ্দিন দৰগাহৰ তবলিগী জামাতত অংশগ্ৰহণকাৰী আছিল।
ক'ৰ'নাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাদুৰ্ভাৱ জুলাইত অন্ত পৰাৰ ইংগিত  শৰ্মাৰ
Published on

অসমত ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীক দুটা পৰ্যায়ত ভাগ কৰিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ দ্বিতীয়টো পৰ্যায় হ'ল বহিঃৰাজ্যত থকা অসমৰ বহু ব্যক্তি ল'ক-ডাউনৰ সময়ছোৱাত গৃহৰাজ্যত উপস্থিত হোৱাৰ পাছত ঘটা ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৷ এই দ্বিতীয়টো পৰ্যায়ৰ ক'ৰ'নাৰ প্ৰাৰ্দুভাৱ অহা জুলাইৰ প্ৰথমটো সপ্তাহৰ ভিতৰতে অন্ত পৰিব বুলি আশা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে এখন সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয় যে আক্ৰান্তৰ সংখ্যা ছহেজাৰৰো অধিক হ'বগৈ পাৰে, কিন্তু আৰোগ্য হোৱা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। অহা জুলাইৰ প্ৰথম সপ্তাহৰ ভিতৰতে ক'ৰ'না আক্ৰান্তৰ সংখ্যা হ্ৰাসৰ ইংগিত দিয়ে তেওঁ। ৰাজ্যত প্ৰথম পৰ্যায়ত ক'ৰ'নাত আক্ৰান্ত হোৱাসকলৰ অধিকাংশই দিল্লীৰ নিজামুদ্দিন দৰগাহৰ তবলিগী জামাতত অংশগ্ৰহণকাৰী আছিল। আনহাতে, অসমত এই পৰ্যান্ত তিনি লাখ ক'ৰ'নাৰ নমুনা পৰীক্ষণ সম্পন্ন হৈছে বুলিও মনত্ৰীজনে সংবাদমেলত সদৰী কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com